অসম

assam

ETV Bharat / briefs

টীয়কত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ - টীয়ক আছুৰ প্ৰতিবাদ

সোমবাৰৰ দিনটোত ৰাজ্য উত্তাল হৈ পৰে আছু কৰ্মীৰ প্ৰতিবাদেৰে ৷ টীয়কতো আছু কৰ্মীসকলে চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷

টীয়ক আছুৰ প্ৰতিবাদ
Effigy burn of cm by teok aasu etv bharat news

By

Published : Feb 1, 2021, 4:33 PM IST

টীয়ক, 1 ফেব্ৰুৱাৰী :এসময়ত ৰাজপথত আন্দোলন কৰি ৰাজপাটত বহা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে গণতান্ত্ৰিকভাৱে আন্দোলন কৰা ছাত্র সন্থাৰ কৰ্মীৰ ওপৰত চলোৱা অত্যাচাৰৰ প্ৰতিবাদত সোমবাৰে টীয়ক আঞ্চলিক ছাত্র সন্থাই ৰাজপথত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহেৰে প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদকাৰীসকলে চৰকাৰৰ এনে স্বেচ্ছাচাৰী শাসনৰ পৰিণাম সময়ত ভোগ কৰিব লাগিব বুলি সকীয়নি প্ৰদান কৰাৰ লগতে চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰে পৰিৱেশ । টীয়কৰ লগতে যোৰহাটৰ চিন্তামণিগড়, কাকজানতো অনুৰূপ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

লগতে পঢ়ক :বাজেটত পেট্ৰ’ল-ডিজেলৰ প্ৰতি লিটাৰত 4 টকাকৈ কৰ বৃদ্ধিৰ প্ৰস্তাৱ

ABOUT THE AUTHOR

...view details