গুৱাহাটী,২৯মে': বুধবাৰে গুৱাহাটী মহানগৰীৰ বৰঝাৰ বিমান বন্দৰত আয়োজন কৰা হয় ম'কড্ৰিলৰ। এন.ডি.আৰ.এফ আৰু চি.আই.এচ.এফৰ অভিযানকাৰী দলে অসম আৰক্ষী আৰু বিমান কৰ্তৃপক্ষৰ সহযোগত আয়োজন কৰে এই ম'কড্ৰিলৰ।
গুৱাহাটী মহানগৰীৰ বৰঝাৰ বিমান বন্দৰত অভিযানকাৰী দলৰ ম'কড্ৰিল - অগ্নিকাণ্ড
এন.ডি.আৰ.এফ আৰু চি.আই.এচ.এফৰ অভিযানকাৰী দলে গুৱাহাটী মহানগৰীৰ বৰঝাৰ বিমান বন্দৰত আয়োজন কৰে ম'কড্ৰিলৰ, যাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যৰে আয়োজন কৰা হয় এই ম'কড্ৰিল
গুৱাহাটী মহানগৰীৰ বৰঝাৰ বিমান বন্দৰত অভিযানকাৰী দলৰ মকড্ৰিল
ম'কড্ৰিলত ভূমিকম্প,অগ্নিকাণ্ডৰ পৰা আৰম্ভ কৰি দুৰ্যোগৰ সময়ত ল'বলগীয়া সাৱধানতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। ইয়াৰোপৰিও কিছুদিন পূৰ্বে চুৰাটত সংঘটিত হোৱা অগ্নিকাণ্ডত বহুজনৰ প্ৰাণ গৈছিল। যাৰ বাবে অভিযানকাৰী দল দুটাই এই মকড্ৰিলৰ জৰিয়তে সজাগ কৰিবলৈ চেষ্টা চলাই বিমান যাত্ৰীসকলক। ইপিনে,বিমান যাত্ৰাত যদি কোনো অঘটন সংঘটিত হয়,তেতিয়া কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত সেই সম্পৰ্কেও যাত্ৰীসকলৰ মাজত এক আভাষ দিয়া হয়।