ডুমডুমা,১২ এপ্ৰিলঃ তিনিচুকীয়া জিলাৰ চাহনগৰী ডুমডুমাৰ চৌখানী চাহ বাগিছাত সংঘটিত হৈছে মহিলা শ্ৰমিকৰ ওপৰত আক্ৰমণৰ ঘটনা। ঔম চৌখানী মালিকানাধীন চৌখানী চাহ বাগিছাৰ প্ৰৱন্ধকে বাগিছাখনৰ মহিলা শ্ৰমিকৰ ওপৰত শাৰিৰিকভাৱে আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। যোৱা ১০ এপ্ৰিল তাৰিখে বাগিছাখনত পাত চিঙি থকা এগৰাকী মহিলা শ্ৰমিকক বাগিছাখনৰ প্ৰৱন্ধক অশোক তিৱাৰীয়ে দীঘল পাত চিঙাক কেন্দ্ৰ কৰি প্ৰথমে গালি-শপনি পাৰে আৰু পাছত শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলা শ্ৰমিকগৰাকীয়ে ।
ডুমডুমাত বাগিছাৰ প্ৰৱন্ধকে মহিলা শ্ৰমিকৰ ওপৰত চলালে আক্ৰমণ
তিনিচুকীয়া জিলাৰ ডুমডুমাৰ চৌখানী চাহ বাগিছাত প্ৰৱন্ধকে শাৰীৰিক আক্ৰমণ চলালে মহিলা শ্ৰমিকৰ ওপৰত
ডুমডুমাত বাগিছাৰ প্ৰবন্ধকৰ হিটলাৰী শাসন
সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি চৌখানী চাহ বাগিছাত এতিয়া তীব্ৰ উত্তেজনাৰ সৃষ্টি । ইফালে বাগিছাখনত শুকুৰবাৰে আটছা ডুমডুমা শাখা সমিতিৰ কৰ্মকৰ্তাসকল উপস্থিত হৈ শ্ৰমিকসকলক লৈ অনুষ্ঠিত কৰে এখন ৰাজহুৱা সভা। আক্ৰমণকাৰী মুল অভিযুক্ত প্ৰৱন্ধক অশোক তিৱাৰীৰ গ্ৰেপ্তাৰৰ লগতে চাহ বাগিছাখনৰ স্বত্বাধিকাৰী ঔম চৌখানীয়ে বাগিছাখনত উপস্থিত হৈ ক্ষমা খোজাৰ দাবী জনাই । উল্লেখযোগ্য যে, ঘটনা সংঘটিত হোৱা দিনৰ পৰাই বাগিছা বন্ধ কৰি পলায়ন কৰিছে প্ৰৱন্ধক অশোক তিৱাৰীয়ে ।