শিৱসাগৰ,২৭ এপ্ৰিল : শুকুৰবাৰে কলিয়াবৰ আৰক্ষী থানাৰ অন্তৰ্গত বুঢ়াপাহাৰত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হৈছিল ডা: সুমিত কুমাৰ গাৰোডিয়া আৰু পত্নী নন্দিনী গাৰোডিয়াৰ । শনিবাৰে সুমিতৰ লগতে তেওঁৰ পত্নী নন্দিনীৰ মৃতদেহ লৈ অনা হয় দীৰ্ঘদিন ধৰি কৰ্মৰত ভূমি শিৱসাগৰলৈ । ডা: সুমিত কুমাৰ গাৰোডিয়াই সাত বছৰ ধৰি শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসক হিচাপে কৰ্মৰত আছিল । চিকিৎসকজনৰ অকাল মৃত্যুত এতিয়া শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে সমগ্ৰ শিৱসাগৰ জিলাত । চিকিৎসকজনৰ আত্মাৰ সদগতিৰ বাবে নগৰৰ আশীৰ্বাদ ভৱনত শিৱসাগৰ জিলাৰ ৰাইজে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে চিকিৎসকজনৰ লগতে তেওঁৰ পত্নীক ।
ডা: সুমিত কুমাৰ গাৰোডিয়াৰ লগতে পত্নীক শেষ শ্ৰদ্ধা শিৱসাগৰবাসীৰ - চিকিৎসক
শিৱসাগৰ জিলাত শনিবাৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয় ডা: সুমিত কুমাৰ গাৰোডিয়া আৰু তেওঁৰ পত্নী নন্দিনী গাৰোডিয়াক
মৃতদেহ হাজিৰ হয় শিৱসাগৰত
উল্লেখযোগ্য যে, আত্মীয়ৰ বিবাহ অনুষ্ঠানত অংশ লবলৈ হোজাইলৈ গৈ থকা অৱস্থাতে বুঢ়াপাহাৰত চিকিৎসকজনৰ হোণ্ডা ব্ৰিঅ’ বাহনখন দুৰ্ঘটনাত পতিত হৈছিল । ট্ৰেভেলাৰৰে মুখামুখি সংঘৰ্ষত থিতাতে নিহত হৈছিল চিকিৎসক সুমিতৰ লগতে তেওঁৰ পত্নী আৰু গুৰুতৰভাৱে আহত হৈছিল সুমিতৰ দুই পুত্ৰৰ । সম্প্ৰতি গুৱাহাটীত চিকিৎসাধীন অৱস্থাত আছে গুৰুতৰভাৱে আহত দুই পুত্ৰ ।