ডিফু, ৩০ ছেপ্তেম্বৰঃ কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত কাৰ্বি আংলং জিলা প্ৰশাসনে ইয়াৰ ওপৰত পূৰ্বৰে পৰা বিশেষ সতৰ্কতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে ৷
ডিফুত কৰ'ণাৰ পৰীক্ষাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ জিলা প্ৰশাসনৰ - Diphu
মঙলবাৰে জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিঙহই নিজে ডিফু চহৰৰ মাজমজিয়াত অনুষ্ঠিত কৰ'ণা স্ক্ৰীনিং কেন্দ্ৰৰ সন্মুখত পথচাৰী আৰু অট'চালক সকলক কৰ'ণাৰ বাবে স্বাৱ টেষ্ট কৰিবলৈ উৎসাহিত কৰে ৷
![ডিফুত কৰ'ণাৰ পৰীক্ষাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ জিলা প্ৰশাসনৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-05:58:05:1601468885-asdiphu30092020administrationimportanceoncoronascreenigatdiphu-30092020173001-3009f-1601467201-1072.jpg)
জিলাখনৰ প্ৰতিটো মহকুমাত কৰ'ণাৰ বিনামূলীয়া স্বাৱ পৰীক্ষাত জিলা প্ৰশাসনে গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে ৷ মঙলবাৰে জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিঙহই নিজে ডিফু চহৰৰ মাজমজিয়াত অনুষ্ঠিত কৰ'ণা স্ক্ৰীনিং কেন্দ্ৰৰ সন্মুখত পথচাৰী আৰু অট'চালক সকলক কৰ'ণাৰ বাবে স্বাভ টেষ্ট কৰিবলৈ উৎসাহিত কৰে ৷
আনহাতে মঙলবাৰে ডিফু পৌৰ নিগমৰ কাৰ্যবাহী অভিযন্তাৰ স্বাক্ষৰিত এক নিৰ্দেশ মৰ্মে ডিফু চহৰৰ প্ৰতিজন,ব্যৱসায়ী,দোকানৰ কৰ্মচাৰী সকলক নিৰ্দেশ জাৰি হোৱাৰ তিনিদিনৰ ভিতৰত স্বাৱ টেষ্ট কৰিবলৈ উল্লেখ কৰিছে ৷ স্বাৱ টেষ্ট নকৰাকৈ কোনোৱে ব্যৱসায়িক প্ৰতিষ্ঠান খুলিব নোৱাৰিব বুলি নিৰ্দেশনাটোত উল্লেখ আছে ৷ উক্ত নিৰ্দেশনাৰ পিছত স্ক্ৰীনিং চেণ্টাৰত মানুহৰ ভিৰ পৰিলক্ষিত হৈছে ৷ উক্ত নিৰ্দেশনা জিলা উপায়ুক্তৰ নিৰ্দেশ মৰ্মে জাৰি কৰা হৈছে বুলি এক টেলিফোনিক বাৰ্তালাপত ডিফু পৌৰ নিগমৰ কাৰ্যবাহী অভিযন্তা নিপু চৰণ দত্তই জানিবলৈ দিছে ৷
লগতে পঢ়ক: ত্ৰিপুৰা আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ সুৰা