অসম

assam

পুনৰ বৃদ্ধি পালে ডিজেল আৰু পেট্ৰলৰ দৰৰ ব্যৱধান

By

Published : Sep 7, 2020, 3:26 PM IST

দেশৰ ৰাজধানী দিল্লীত সোমবাৰে ডিজেলৰ দাম প্ৰতিলিটাৰত ১১ পইচাকৈ হ্ৰাস পাইছে,যাৰ ফলত প্ৰতিলিটাৰত ডিজেলৰ দাম ৭৩.২৬টকা হয় । প্ৰতিলিটাৰ ডিজেলৰ দাম বৃহস্পতিবাৰে ১৬ পইচাকৈ হ্ৰাস পোৱাৰ পিচত পুনৰ শনিবাৰে ১৩ পইচাকৈ হ্ৰাস পায় ।

পুনৰ বৃদ্ধি পালে ডিজেল আৰু পেট্ৰলৰ দৰৰ ব্যৱধান
পুনৰ বৃদ্ধি পালে ডিজেল আৰু পেট্ৰলৰ দৰৰ ব্যৱধান

নিউজ ডেস্ক, ৭ চেপ্তেম্বৰঃপেট্ৰলৰ দৰ স্থিতিশীল কৰি ৰখাৰ বাবে তেলৰ বিপণন প্ৰতিষ্ঠান সমূহে পেট্ৰলৰ খুচুৰা মূল্য পুনৰ হ্ৰাস কৰাৰ পিচত পুনৰ দেশজুৰি বৃদ্ধি পাইছে আৰু পেট্ৰল আৰুু ডিজেলৰ দৰৰ পাৰ্থক্য ।সোমবাৰে তেল বিপণন সংস্থা সমূহে (OMCs)ডিজেলৰ দৰ হ্ৰাস কৰিছে, যোৱা পাঁচ দিনৰ ভিতৰত এইটো তৃতীয় নিম্নতম পুনৰবিবেচনা হিচাপে পৰিগণিত হৈছে।

দেশৰ ৰাজধানী দিল্লীত সোমবাৰে ডিজেলৰ দাম প্ৰতিলিটাৰত ১১ পইচাকৈ হ্ৰাস পাইছে,যাৰ ফলত প্ৰতিলিটাৰত ডিজেলৰ দাম ৭৩.২৬টকা হয় । প্ৰতিলিটাৰ ডিজেলৰ দাম বৃহস্পতিবাৰে ১৬ পইচাকৈ হ্ৰাস পোৱাৰ পিচত পুনৰ শনিবাৰে ১৩ পইচাকৈ হ্ৰাস পায় ।

Diesel price extends its gap with petrol, falls again

ডিজেলৰ দাম হ্ৰাস পোৱাৰ ফলত OMCয়ে পেট্ৰলৰ দাম স্থিতিশীল কৰি ৰাখিছে । এই মাহ ধৰি ইন্ধনৰ মূল্য স্থিতিশীল হৈ আছে । কিন্তু পেট্ৰলৰ দাম ১৬ আগষ্টৰ পিচত নিয়মিতভাবে বৃদ্ধি হৈ আছে । দিল্লীত প্ৰতিলিটাৰ পেট্ৰলৰ মূল্য ৮০.৫৭ টকা আছিল যদিও বৰ্তমান দিল্লীত প্ৰতিলিটাৰ পেট্ৰলৰ দাম ৮২.০৮ টকা হৈছে ।

ইন্ধনৰ মূল্য আগন্তুক দিনবোৰত স্থিৰ হৈ থাকিব পাৰে বা হ্ৰাস হব পাৰে, যিহেতু বিশ্বব্যাপী অপৰিশোধিত তেলৰ দৰ কোভিডৰ পৰিস্থিতিৰ বাবে দীৰ্ঘম্যাদী স্থিতাৱস্থা থকাৰ সম্ভাৱনা আছে যদিও কিছু সলনি হোৱাৰো ইংগিত পোৱা গৈছে ।

ABOUT THE AUTHOR

...view details