মৰাণ, ৯ জুলাইঃগুৱাহাটী মহানগৰীৰ পৰা ডিব্ৰুগড় জিলালৈ উভতি যোৱা অধিক সংখ্যক লোক কোভিড-১৯ মহামাৰীত আক্ৰান্ত হৈছে। ইয়াকে লৈ সক্ৰিয় হৈ পৰিছে ডিব্ৰুগড় জিলা প্ৰশাসন । জিলাখনত কোভিড-১৯ ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া তথা অতিৰিক্ত উপায়ুক্তই জাৰি কৰিছে বিশেষ নিৰ্দেশাৱলী।
প্ৰশাসনৰ অনুমতি অবিহনে প্ৰৱেশ কৰিব নোৱাৰিব ডিব্ৰুগড়ত - ভাৰতীয় দণ্ডবিধিৰ ১৮৮ নং ধাৰা
ডিব্ৰুগড় জিলাত কোভিড-১৯ৰ সংক্ৰমন বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে জাৰি কৰিছে কেতবোৰ নিৰ্দেশাৱলী । নিৰ্দেশাৱলী অনুসৰি প্ৰশাসনৰ অনুমতি লৈহে জিলাখনলৈ যাব পাৰিব লোক । অন্যথা ভাৰতীয় দণ্ডবিধিৰ ১৮৮ নং ধাৰাৰ অধীনত দণ্ডনীয় কৰা হ'ব ।

নিৰ্দেশাৱলী অনুসৰি, প্ৰশাসনৰ অনুমতি অবিহনে কোনো লোকেই ডিব্ৰুগড়ত প্ৰৱেশ কৰিব নোৱাৰিব। গুৱাহাটীৰ পৰা ডিব্ৰুগড় জিলালৈ অহা সকলো ব্যক্তিয়ে মৰাণৰ চেপনৰ চকলীয়াত থকা স্ক্ৰীণিং কেন্দ্ৰত ৰিপ'ৰ্ট কৰিব লাগিব বুলি উল্লেখ কৰা হৈছে ৷ স্ক্ৰীণিং কেন্দ্ৰত ৰিপ'ৰ্ট কৰাৰ পিছত তেওঁলোকে চৈধ্য দিনৰ বাবে বাধ্যতামূলকভাৱে হোম কোৱাৰেণ্টাইনত থাকিব লাগিব। এই নিৰ্দেশ অমান্য কৰিলে সেয়া 'ডি আসাম ক'ভিড-১৯ কণ্টেইনমেণ্ট ৰেগুলেচনছ, ২০২০'ৰ উলংঘন কৰা বুলি গণ্য কৰা হ'ব। লগতে, ভাৰতীয় দণ্ডবিধিৰ ১৮৮ নং ধাৰাৰ অধীনত দণ্ডনীয় হ'ব বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক :কোভিড-১৯ ত আক্ৰান্ত অখিল গগৈ