অসম

assam

ETV Bharat / briefs

ধঁপাত নিয়ন্ত্ৰণ কোষৰ সংবাদমেল: বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে - ধঁপাত জাতীয় সামগ্ৰী

৩১মে'ত দেশ তথা ৰাজ্যৰ লগতে ধুবুৰীটো পালন কৰা হ'ব বিশ্ব ধঁপাত বিৰোধী দিৱস, দিৱসৰ বাবে প্ৰস্তুতি চলাইছে ধঁপাত নিয়ন্ত্ৰণ কোষে

ধঁপাত নিয়ন্ত্ৰণ কোষৰ সংবাদমেল

By

Published : May 30, 2019, 7:37 PM IST

ধুবুৰী,৩০মে': বৃহস্পতিবাৰে ধঁপাত নিয়ন্ত্ৰণ কোষে ধুবুৰী জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যলয়ত সম্বোধন কৰে এখন সংবাদমেল । সংবাদমেলত ৩১ মে'ত দেশ তথা ৰাজ্যৰ লগতে ধুবুৰীতো পালন কৰিবলগীয়া বিশ্ব ধঁপাত বিৰোধী দিৱস সম্বন্ধে আলোচনা কৰা হয়। ইতিমধ্যেই এই দিৱস উপলক্ষে ধুবুৰী জিলা ধঁপাত নিয়ন্ত্ৰণ কোষে আৰম্ভ কৰিছে প্ৰস্তুতি।

ধঁপাত নিয়ন্ত্ৰণ কোষৰ সংবাদমেল

সংবাদমেলত উপস্থিত থাকে ডঃ শেখ মহম্মদ আজাহাৰ উদ্দিনৰ লগতে কোষটোৰ বহু চিকিৎসক। সংবাদমেলত ৩১মেৰ দিনা বিভিন্ন বিদ্যালয়ত ধুবুৰী জিলা ধঁপাত নিয়ন্ত্ৰণ কোষে ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে ধঁপাত জাতীয় সামগ্ৰী বা ধূমপান বন্ধ কৰাৰ বাবে সকলো ৰাইজক আহ্বান জনাই । ইয়াৰোপৰি, মানুহৰ দেহত হোৱা ৯০ শতাংশ ৰোগেই ধঁপাতৰ বাবে হয় বুলি ধঁপাত নিয়ন্ত্ৰণ কোষে সংবাদমেলত প্ৰকাশ কৰে । আনকি, বিদ্যালয়ৰ পৰা এশ মিটাৰৰ ভিতৰত যদি কোনো ব্যৱসায়ীক প্ৰতিষ্ঠানত জৰ্দা,গুটখা,বিড়ি,চিগাৰেট আদি ধঁপাত জাতীয় সামগ্ৰী বিক্ৰী হৈ আছে তেন্তে,প্ৰতিষ্ঠানখন উচ্ছেদ কৰা হ'ব বুলি উল্লেখ কৰে সংবাদমেলত। ৰাজহুৱা স্থানত কোনো ব্যক্তিয়ে চিগাৰেট অথবা ধূমপান সেৱন কৰিলেও জৰিমনা বিহা হ'ব বুলিও উল্লেখ কৰে ধঁপাত নিয়ন্ত্ৰণ কোষে।

উল্লেখযোগ্য যে,ধুবুৰী জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ ফালৰ পৰা ইতিমধ্যে কাম আৰম্ভ কৰা হৈছে আৰু অহা পাঁচ বছৰৰ ভিতৰত ধুবুৰী জিলাক সম্পূৰ্ণ ধঁপাত মুক্ত কৰা হ'ব বুলি সংবাদমেলত উল্লেখ কৰে ধঁপাত নিয়ন্ত্ৰণ কোষে।

ABOUT THE AUTHOR

...view details