কাগজ কলমতেই সীমাবদ্ধ ধুবুৰী অসামৰিক চিকিৎসালয় - চিকিৎসালয়
ধুবুৰী অসামৰিক চিকিৎসালয়ত যোগান নাই চৰকাৰী ঔষধৰ লগতে খোৱা পানী আৰু শৌচ-প্ৰস্ৰাৱৰ সু ব্যৱস্থা ৷
ধুবুৰী,৩১মে' : ধুবুৰী অসামৰিক চিকিৎসালয়ৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ ৰোগীৰ । ২০০ খন বিচনাযুক্ত ধুবুৰী অসামৰিক চিকিৎসালয়ত যোগান নাই চৰকাৰী ঔষধৰ, নাই খোৱা পানী আৰু শৌচ-প্ৰস্ৰাৱৰ সু ব্যৱস্থা । যাৰ বাবে দীৰ্ঘদিন ধৰি দুৰ্ভোগ ভুগিবলগীয়া হৈ আহিছে ৰোগীসকলে । ইফালে, চিকিৎসালয়খনত পৰ্যাপ্ত পৰিমাণৰ বিচনা নথকাৰ বাবে চিকিৎসালয়খনে ব্যক্তিগত ভাৱে বিচনা ভাড়াত লৈ চিকিৎসা প্ৰদান কৰি আহিছে ৰোগীসকলক । চিকিৎসালয়খনৰ এই অভাৱনীয় পৰিৱেশৰ বাবে এতিয়া ক্ষোভিত হৈ পৰিছে ৰোগীসকল । ৰোগীসকলৰ মতে, বৰ্তমান চিকিৎসালয়খন পৰিণত হৈছে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ । কিয়নো, চিকিৎসকে পৰামৰ্শ দিয়া ঔষধ পাবলৈ নাই চিকিৎসালয়খনৰ ঔষধ বিতৰণ কক্ষত । কেৱল কাগজ-কলমতে চিকিৎসালয়খনৰ কাম চলি আছে বুলি ৰোগীসকলে অভিযোগ উত্থাপন কৰে ।