অসম

assam

ETV Bharat / briefs

ধুবুৰীত টিপকাই নদীৱে উতুৱাই নিলে বাঁহৰ সাঁকো - ৰাইজ

ধুবুৰীৰ কুন্তিৰচৰত টিপকাই নদীৰ বাঢ়নি পানীয়ে উতুৱাই নিলে বাঁহৰ সাঁকো, যাৰ ফলত প্ৰতিদিনে গদাধৰ নৈৰ ওপৰেদি টুলুঙা নাৱেৰে বিপদ সংকুল অৱস্থাত ছাত্ৰ-ছাত্ৰী,ব্যৱসায়ীসকলৰ লগতে গাঁৱখনৰ হাজাৰ-হাজাৰ মানুহ অহা যোৱা কৰিব লগা হয় ।

টিপকাই নদীৱে উতুৱাই নিলে বাঁহৰ সাকো

By

Published : May 9, 2019, 7:22 PM IST

ধুবুৰী,৯মে': ধুবুৰীৰ কুন্তিৰচৰত টিপকাই নদীৰ বাঢ়নি পানীয়ে উতুৱাই নিলে বাঁহৰ সাঁকো। যাতায়তৰ বাবে থকা একমাত্ৰ সাৰথি বাঁহৰ সাঁকোখন নদীৰ বাঢ়নি পানীৱে উতুৱাই নিয়াত সমস্যাত পৰিছে অঞ্চলবাসী । যাৰ ফলত প্ৰতিদিনে গদাধৰ নৈৰ ওপৰেদি টুলুঙা নাৱেৰে বিপদ সংকুল অৱস্থাত ছাত্ৰ-ছাত্ৰী,ব্যৱসায়ীসকলৰ লগতে গাঁৱখনৰ কেবাশ ৰাইজে অহা-যোৱা কৰিব লগা হয় ।

টিপকাই নদীৱে উতুৱাই নিলে বাঁহৰ সাকো

উল্লেখযোগ্য যে, ধুবুৰীৰ ফলিমাৰী পঞ্চায়তৰ কুন্তিৰচৰ,ডুবাইচৰ,ফলিমাৰী আদি অঞ্চলৰ হাজাৰ-হাজাৰ ৰাইজে গদাধৰ নৈৰ ওপৰত এখন দলং নিৰ্মাণৰ দাবী উত্থাপন কৰিছিল যদিও কোনো এখন চৰকাৰ বা কোনো এজন সাংসদ-বিধায়কে ইয়াৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ। যাৰ ফলত যাতায়তৰ নামত জীয়াতু ভুগিবলগীয়া হয় বৃহত্তৰ অঞ্চলৰ ৰাইজে।

ABOUT THE AUTHOR

...view details