নিৰ্বাচনৰ বাবে ধুবুৰীত চলিছে বোকা ছটিওৱাৰ ৰাজনীতি । ভাষা জ্ঞান আৰু শিক্ষাগত অৰ্হতাক লৈ বদৰুদ্দিন আজমল আৰু জাবেদ ইছলামৰ মাজত চলিছে তুমুল বাকযুদ্ধ । বুধবাৰে ধুবুৰীৰ কলেজ নগৰত অনুষ্ঠিত হোৱা এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে অগপ বিজেপি আৰু বি.পি.এফ. মিত্ৰদলৰ প্ৰাৰ্থী জাবেদ ইছলামে । ইছলামে সভাত অংশগ্ৰহণ কৰি আজমলৰ বিৰুদ্ধে সৰৱ হৈ পৰে । দৰাচলতে, তিনিদিন পূৰ্বে গোলকগঞ্জৰ এখন নিৰ্বাচনী জনসভাত আজমলে মিত্ৰদলৰ প্ৰাৰ্থী জাবেদ ইছলামৰ শিক্ষাগত অৰ্হতা নাই বুলি মন্তব্য কৰা প্ৰসংগত ইছলামে ধুবুৰীৰ নিৰ্বাচনী সভাত কয়-"ইংৰাজী আৰু হিন্দী ভাষাৰ জ্ঞান একেবাৰেই নাই আজমলৰ" । আনহাতে, আজমলে মেট্ৰিকটো বাদেই পঞ্চম শ্ৰেণীত উত্তীৰ্ণ হৈছে নে নাই তাৰো সন্দেহ প্ৰকাশ কৰি আজমলে আধা ঘন্টা ইংৰাজী ভালদৰে ক'ব নোৱাৰে মন্তব্য কৰে ইছলামে ।
ভাষা আৰু শিক্ষাক লৈ তুমুল বিতৰ্ক দুই প্ৰাৰ্থী - বদৰুদ্দিন আজমল
ধুবুৰীৰ নিৰ্বাচনী সভাত জাবেদ ইছলামে অংশগ্ৰহণ কৰি আজমলৰ বিৰুদ্ধে সৰৱ হৈ পৰে জাবেদ ইছলাম

ভাষা আৰু শিক্ষাক লৈ তুমুল বিতৰ্ক দুই প্ৰতিনিধিৰ
ভাষা আৰু শিক্ষাক লৈ তুমুল বিতৰ্ক দুই প্ৰতিনিধিৰ
আনহাতে বদৰুদ্দিন আজমলে দীৰ্ঘদীন ধৰি জাবেদ ইছলামৰ শিক্ষাগত অৰ্হতাক লৈ প্ৰশ্ন কৰি আহিছে ইছলামে মত প্ৰকাশ কৰি কয় আজমলে একো উন্নয়ন কৰা নাই ,বৰঞ্চ ভোটৰ লালসাত ৫ বছৰৰ মুৰে-মুৰে ৰাইজৰ মাজলৈ আহে ।