অসম

assam

ETV Bharat / briefs

ধুবুৰীত কৰ'ণাত আক্ৰান্তৰ সংখ্যা ৩৭৭৭ গৰাকীলৈ বৃদ্ধি !

জিলাখনত কৰ'ণাই ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰাৰ ফলত চিন্তিত হৈ পৰিছে ধুবুৰীৰ সচেতন মহল ।

By

Published : Sep 25, 2020, 6:48 PM IST

Dhubri covid update
ধুবুৰীত কৰ'ণাত আক্ৰান্তৰ সংখ্যা ৩৭৭৭ গৰাকীলৈ বৃদ্ধি !

ধুবুৰী, ২৫ ছেপ্টেম্বৰ: ৰাজ্যখনত কৰ'ণাত আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাই অহাৰ সমান্তৰালকৈ ধুবুৰী জিলাতো বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। শুকুৰবাৰে ধুবুৰী জিলাত পুনৰ ২৯ জন লোকৰ দেহত ক’ভিড পজিটিভ পোৱা বুলি জানিব পৰা গৈছে । ধুবুৰী জিলাত এই পৰ্যন্ত মুঠ ৩,৭৭৭ জন লোক ক'ভিড-১৯ ত আক্ৰান্ত হৈছে যদিও ৩,৫৩১ জন লোক সুস্থ হৈ উঠাত তেওঁলোকক স্বাস্থ্য কেন্দ্ৰৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে ।

ধুবুৰীত কৰ'ণাত আক্ৰান্তৰ সংখ্যা ৩৭৭৭ গৰাকীলৈ বৃদ্ধি !

বৰ্তমানে ২৪৬ জন ক'ভিড আক্ৰান্ত ৰোগীৰ চিকিৎসা কৰি থকা হৈছে । ইপিনে আজি জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা কৰ'ণাত আক্ৰান্তৰ সন্দেহত ৯৮৩ জন লোকৰ স্বাৱৰ নমুনা সংগ্ৰহ কৰা হয় ।

ধুবুৰীত কৰ'ণাত আক্ৰান্তৰ সংখ্যা ৩৭৭৭ গৰাকীলৈ বৃদ্ধি !

উল্লেখযোগ্য যে, জিলাখনত কৰ'ণাই ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰাৰ ফলত চিন্তিত হৈ পৰিছে ধুবুৰীৰ সচেতন মহল।

লগতে পঢ়ক: আছুৰ নেতৃত্বত ৰাজ্যজুৰি জ্বলিল কৃষি বিধেয়কৰ প্ৰতিলিপি

ABOUT THE AUTHOR

...view details