অসম

assam

ETV Bharat / briefs

জনপ্ৰতিনিধিৰ কাণসাৰ নাইঃ জোনাইত ৰাইজে নিৰ্মাণ কৰিলে পথ

ধেমাজি জিলাৰ জোনাই সমষ্টিৰ মুৰ্কংচেলেক উন্নয়ন খণ্ডৰ অন্তৰ্গত চিগা গাঁও পঞ্চায়তৰ নাহৰ দেতাক গাঁৱৰ পথটোৰ বাবে দীৰ্ঘদিন ধৰি দুৰ্ভোগ ভুগিবলগীয়া হৈছিল অঞ্চলবাসীয়ে । এজাক বৰষুণতেই বোকাময় হৈ পৰে পথটো। ইফালে, বছৰ-বছৰ ধৰি চৰকাৰ তথা স্থানীয় বিধায়ক ভুৱন পেগু, সাংসদ প্ৰদান বৰুৱাৰ ওচৰত আবেদন-নিবেদন কৰিও কোনো সুফল নাপালে অঞ্চলবাসীয়ে

উপাৰ্জিত ধনেৰে পথ নিৰ্মাণ ধেমাজিত

By

Published : Jun 1, 2019, 5:00 PM IST

Updated : Jun 1, 2019, 7:04 PM IST

জোনাই,১জুন : "ৰাইজে নখ জোকাৰিলে নৈ বয়"-তাৰেই যেন প্ৰমাণ ঘটিল ধেমাজি জিলাৰ জোনাইৰ নাহৰ দেতাকত । কোলাত কেঁচুৱা লৈ নাহৰ দেতাকৰ স্থানীয় ৰাইজে উপাৰ্জিত ধনেৰে নিৰ্মাণ কৰি উলিয়ালে পথ আৰু বাঁহৰ দলং ।

ধেমাজি জিলাৰ জোনাই সমষ্টিৰ মুৰ্কংচেলেক উন্নয়ন খণ্ডৰ অন্তৰ্গত চিগা গাঁও পঞ্চায়তৰ নাহৰ দেতাক গাঁৱৰ পথটোৰ বাবে দীৰ্ঘদিন ধৰি দুৰ্ভোগ ভুগিবলগীয়া হৈছিল অঞ্চলবাসীয়ে । এজাক বৰষুণতেই বোকাময় হৈ পৰে পথটো। ইফালে, বছৰ-বছৰ ধৰি চৰকাৰ তথা স্থানীয় বিধায়ক ভুৱন পেগু, সাংসদ প্ৰদান বৰুৱাৰ ওচৰত আবেদন-নিবেদন কৰিও কোনো সুফল নাপালে অঞ্চলবাসীয়ে ।

উপাৰ্জিত ধনেৰে পথ নিৰ্মাণ ধেমাজিত

অৱশেষত নিজৰ কষ্টোপাৰ্জিত ধনেৰে অঞ্চলটোৰ লোকসকলে পথ নিৰ্মাণৰ বাবে ওলাই আহে। উল্লেখ্য যে জোনাই সমষ্টিৰ মুৰ্কংচেলেক উন্নয়ন খণ্ডৰ চিগা পঞ্চায়তৰ অন্তৰ্গত নাহৰ দেতাক, লাদাংগুৰি, মইনাপুৰ, চন্তপুৰ, চিংগাপুৰ, টাইগাৰগুৰি আদিকে ধৰি প্ৰায় ২০-২৫ খন গাঁৱৰ যোগাযোগৰ একমাত্ৰ মাধ্যম এই পথটো ।

Last Updated : Jun 1, 2019, 7:04 PM IST

ABOUT THE AUTHOR

...view details