অসম

assam

ETV Bharat / briefs

ধেমাজিত শৌচাগাৰ নিৰ্মাণত দুৰ্নীতি - প্ৰবঞ্চনা

ধেমাজি জিলাৰ নগৰ সমিতিৰ ৬নং ৱাৰ্ড তুলসীবাৰীত শৌচাগাৰ নিৰ্মাণত চৰম দুৰ্নীতিৰ সৃষ্টি হয়, অঞ্চলটোৰ ৪০টাতকৈও অধিক শৌচাগাৰ ঠিকাদাৰে অনিৰ্মাণ কৰিয়ে সামৰিলে

ধেমাজিত শৌচাগাৰ নিৰ্মাণত দুৰ্নীতি

By

Published : May 5, 2019, 1:01 PM IST

ধেমাজি,৫মে' : ধেমাজিত শৌচাগাৰ নিৰ্মাণক লৈ চৰম দুৰ্নীতি । জিলাখনৰ নগৰ সমিতিৰ ৬নং ৱাৰ্ড তুলসীবাৰীত ৬মাহ পূৰ্বে নিৰ্মাণ কৰা হৈছিল ৪০টাতকৈও অধিক শৌচাগাৰ । কিন্তু ঠিকাদাৰৰ দুৰ্নীতিৰ বাবে বৰ্তমানেও সম্পূৰ্ণ নহ'ল শৌচাগাৰকেইটা । গাওঁখনৰ সতীশ কোচ,তীৰ্থনাথ শইকীয়া,চন্দিকা লাহন,জুৰি বৰা,বৰ্ণালী বৰা,নবীন বৰাকে ধৰি প্ৰায় চল্লিশটা দৰিদ্ৰ পৰিয়ালক ঠিকাদাৰে প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপন হৈছে । অঞ্চলটোৰ কোনোবা এটা শৌচাগাৰত যদি নলাৰ সুব্যৱস্থা কৰা নাই, আন কোনোবা এটাত দৰ্জাৰ ব্যৱস্থা নাই,আকৌ কোনোবাটো শৌচাগাৰৰ গাঁত খান্দিয়ে দায়িত্ব সামৰিছে ঠিকাদাৰে যাৰ বাবে ক্ষোভিত হৈ পৰে অঞ্চলবাসী ।

ধেমাজিত শৌচাগাৰ নিৰ্মাণত দুৰ্নীতি
আনকি, বাৰিষা অহাৰ লগে-লগে শৌচাগাৰ কেইটাৰ বাবে চিন্তিত হৈ পৰিছে অঞ্চলবাসী । কিয়নো শৌচাগাৰকেইটাত কৰা হৈছে বৃহৎ-বৃহৎ গাঁত । এই উন্মুক্ত হৈ থকা শৌচালয়ৰ গাঁতবোৰৰ বাবে কোনো শিশু যদি দুৰ্ঘটনাগ্ৰস্ত হয়,তেন্তে ইয়াৰ ক্ষতিপূৰণ কোনে দিব বুলিও স্থানীয় ৰাইজে প্ৰশ্ন উত্থাপন কৰে ।

ABOUT THE AUTHOR

...view details