ঢেকিয়াজুলি,১১মে' : শনিবাৰে ঢেকিয়াজুলিৰ আলীচিঙাত সংঘটিত হয় এক শোকাৱহ ঘটনা । কুঁৱা চাফা কৰিবলৈ গৈ অস্কিজেনৰ অভাৱত মৃত্যমুখত পৰেবীৰেণ খোদাল নামৰ এজন শ্ৰমিক । আলীচিঙাৰ ধ্ৰুৱ দে নামৰ লোক এজনৰ ঘৰত কুঁৱা চাফা কৰিবলৈ গৈ কুঁৱাৰ ভিতৰতে আৱদ্ধ হৈ পৰে শ্ৰমিকজন । ঘটনাস্থলীত তেজপুৰৰ এছ.ডি.আৰ.এফ.বাহিনী, ঢেকিয়াজুলি অগ্নি নিৰ্বাপক বাহিনীৰ লগতে আৰক্ষীৰ দলে উপস্থিত হৈ কুঁৱাৰ ভিতৰত আৱদ্ধ হৈ পৰা শ্ৰমিকজনক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে যদিও শ্ৰমিকজনৰ মৃতদেহহে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
ঢেকিয়াজুলিত কুঁৱা চাফা কৰিবলৈ গৈ নিহত শ্ৰমিক - ধ্ৰুৱ দে
ঢেকিয়াজুলিৰ আলীচিঙাত নিহত হয় বীৰেণ খোদাল নামৰ এজন শ্ৰমিক, কুঁৱাৰ ভিতৰত শ্ৰমিকজন আৱদ্ধ হৈ পৰি অস্কিজেনৰ অভাৱত নিহত হয় শ্ৰমিকজনৰ ৷
ইপিনে, দুদিন পূৰ্বে মহানগৰীৰ হাতীগাঁৱস্থিত সিজুবাৰীত সংঘটিত হৈছিল এক হৃদয়বিদাৰক ঘটনা । হাছিফ যাবেদ নামৰ লোক এজনৰ বাসগৃহত কুঁৱা চফা কৰিবলৈ গৈ কুঁৱাৰ ভিতৰত আৱদ্ধ হৈ পৰিছিল জাকিৰ হুছেইন আৰু বাৎসু আলী নামৰ দুজনকৈ শ্ৰমিক । এন ডি আৰ এফ বাহিনীয়ে শ্ৰমিক দুজনৰ এজনক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল যদিও ইয়াৰ পৰিৱৰ্তে অস্কিজেনৰ অভাৱত মৃত্যুমুখত পৰিছিল এজন শ্ৰমিকৰ । এতিয়া প্ৰশ্ন হয় দুৰ্যোগ বিভাগ তথা প্ৰশাসনে এই ঘটনাৰ পুনৰাবৃত্তি নহ’বলৈ সমাজত সজাগতা সৃ্ষ্টি কৰিব পাৰিবনে ৷ সাধৰণতে বহু শ্ৰমিকে নাজনে কুঁৱাৰ ভিতৰত প্ৰৱেশ কৰাৰ পাছত অস্কিজেনৰ অভাৱ হয় আৰু অস্কিজেন চিলিণ্ডাৰ অবিহনেই কুঁৱাত প্ৰৱেশ কৰাৰ পাছত এনেদৰেই অকালতে নিহত হ'বলগীয়া হয় বহু লোক ।