ঢকুৱাখনাৰ মহঘূলি চাপৰিত ফাটবিহু - ঢোল-তাল
ৰজাদিনীয়া ঐতিহ্য-পৰম্পৰাৰে ঢকুৱাখনাৰ মহঘূলি চাপৰিত পালন কৰা হয় ফাটবিহু, ফাটবিহুত অনুষ্ঠিত কৰা হয় টকাবিহু আৰু চেমনীয়া হুঁচৰি ।
মহঘূলি চাপৰিত পালন ফাটবিহু
ঢকুৱাখানা,১০মে' : শুকুৰবাৰৰ পৰা আৰম্ভ হয় ফাটবিহু । ৰজাদিনীয়া ঐতিহ্য-পৰম্পৰাৰে ঢকুৱাখনাৰ মহঘূলি চাপৰিত আৰম্ভ হয় ফাটবিহু । ঢোল-তাল আৰু পেপাৰ মাতেৰে মুখৰিত হৈ পৰে সমগ্ৰ মহঘূলি চাপৰি । পুৱা পতাকা উত্তোলনেৰে আৰম্ভ হোৱা ফাটবিহুখনীত অনুষ্ঠিত কৰা হয় টকাবিহু আৰু চেমনীয়া হুঁচৰিৰ । বিহুমেলাখনত শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে অংশগ্ৰহণ কৰে ।
Last Updated : May 10, 2019, 8:21 PM IST