নিউজ ডেস্ক, ৭ জুলাইঃ ইণ্ডোনেচিয়াৰ জাভা দ্বীপৰ উপকূলত মঙলবাৰে ভূমিকম্প অনুভূত হয়। কিন্তু ভূমিকম্পৰ ফলত কোনো লোক হতাহত তথা বিশেষ ক্ষয়ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে।
আমেৰিকাৰ ভূ-তত্ত্ব বিভাগে প্ৰকাশ কৰা অনুসৰি ৬.৬ ৰিখতাৰ স্কেলত অনূভূত হৈছিল ভূমিকম্পটো । জাভা প্ৰদেশৰ উপকূলীয় চহৰ বাতাঙৰ (Batang) পৰা প্ৰায় ৯৮ কিল'মিটাৰ (৫৮ মাইল) উত্তৰ দিশে ভূমিকম্পটোৰ উত্পত্তিস্থল । উক্ত অঞ্চলটো ৫২৮ কিল'মিটাৰ গভীৰ বুলি জানিব পৰা গৈছে । ইণ্ডোনেচিয়াৰ বতৰ বিজ্ঞান আৰু জলবায়ু বিভাগে এই ভূমিকম্পটোৰ ফলত চুনামি অহাৰ সম্ভাৱনা আছিল বুলি উল্লেখ কৰে ।