নিউজ ডেস্ক, ১৬ ডিচেম্বৰ :কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এক নিৰ্দেশনাযোগে দেশৰ অৰ্ধসামৰিক বাহিনীসমূহক নিজা নিজা পৰিসৰত এখনকৈ বাগিছা সংস্থাপন কৰিবলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে । নিৰ্দেশনাটোত এইসমূহ বাগিছা বাহিনীসমূহে নিজাকৈ প্ৰস্তুত কৰি উলিওৱাৰ লগতে প্ৰতিখন বাগিছা শ্বহীদৰ নামত উসৰ্গিত কৰি তাত শ্বহীদৰ ছবি সংস্থাপন কৰিবলৈ কোৱা হৈছে ।
বিগত মাহত হোৱা এখন পুনৰীক্ষণ সভাৰ সিদ্ধান্ত অনুসৰিয়ে বুধবাৰে এই নিৰ্দেশনা প্ৰেৰণ কৰা হয় । মন্ত্ৰালয়ে সৰ্বাধিকসংখ্যক জোৱান শ্বহীদ হোৱা পুলৱামা আদিৰ দৰে স্থানত এইসমূহ বাগিছা স্থাপন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ।
কেন্দ্ৰীয় কয়লা মন্ত্ৰালয়ৰ সহযোগত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে চলিত বৰ্ষৰ ২৬ নৱেম্বৰত শুভাৰম্ভ কৰিছিল "Tree Plantation Drive-2020" আৰু ইয়াৰ পিচতেই অনুষ্ঠিত হোৱা পুনৰীক্ষণ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । এই বৃক্ষৰোপন কাৰ্যসূচীৰ অধীনত দেশৰ ১০খন ৰাজ্যৰ ৩৮খন জিলাত মুঠ ৬০০০ একৰ ভূমিত গছপুলি ৰোপন কৰা হৈছিল ।
কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰদান কৰা নিৰ্দেশনাটোত বাগিছাৰ লগতে আৰক্ষী যুদ্ধ স্মাৰকৰ নিচিনাকৈ সেইস্থানত শ্বহীদৰ একোটাকৈ আৱক্ষ মূৰ্তিৰ লগতে একোটা ওলোটা ৰাইফল আৰু তাৰ ওপৰত এটাকৈ হেলমেট ৰাখিবলৈ কোৱা হৈছে ।
লগতে পঢ়ক :আন্দোলনৰ জুইত ৰাজনীতিৰ ৰুটি সেকিব নালাগে : অতুল বৰা