অসম

assam

By

Published : Jul 7, 2020, 1:26 PM IST

ETV Bharat / briefs

জাপানত বানৰ তাণ্ডৱঃ মৃতকৰ সংখ্যা ৫০ গৰাকীলৈ বৃদ্ধি

জাপানত বানৰ ফলত ৫০ গৰাকীকৈ লোকৰ মৃত্যু হোৱা ঘটনাত শোক প্ৰকাশ কৰে ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টোনিও গুটেৰেচে । বানপীড়িত লোকসকলৰ লগতে জাপানবাসী আৰু চৰকাৰলৈ সমবেদনা জ্ঞাপন কৰে ৰাষ্ট্ৰসংঘৰ মহা সচিবগৰাকীয়ে ।

জাপানত বানৰ তাণ্ডৱ
Death toll from flooding in Japan rises to 50, dozen missing

নিউজ ডেস্ক, ৭ জুলাইঃজাপানৰ বিভিন্ন ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰিছে বানে । দুৰ্যোগ প্ৰশমন বিভাগে উল্লেখ কৰা অনুসৰি, ইতিমধ্যে বানৰ ফলত ৫০ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় এক ডজন লোক নিখোজ হৈ আছে । জাপানৰ দক্ষিণ ক্ষেত্ৰ ক্যুশুত (Kyushu) বিগত শুকুৰবাৰৰ পৰা ধাৰাবাহিকভাৱে হৈ থকা বৰষুণৰ ফলত বৃদ্ধি পাইছে বানৰ প্ৰকোপ ।

জাপানত বানৰ তাণ্ডৱ

মঙলবাৰে পুৱাৰ ভাগলৈকে মুঠ ৪৯ গৰাকী লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে অগ্নি আৰু দুৰ্যোগ প্ৰশমন বিভাগে । মৃত লোকসকল নৈৰ দাতিকাষৰীয়া চহৰ কুমাম'ট' (Kumamoto)ৰ বুলি জানিব পৰা গৈছে । আনহাতে, দক্ষিণাঞ্চলত হোৱা প্ৰৱল বৃষ্টিপাতৰ প্ৰভাৱত ফুকুওকা (Fukuoka) ক্ষেত্ৰত আন এজন লোকৰ মৃতদেহ উদ্ধাৰ হয় ।

জাপানত বানৰ তাণ্ডৱ

কুমা নদীৰ কাষৰীয়া চহৰসমূহত আৰু আন আন নৈপৰীয়া ৰাইজৰ সহায়ৰ বাবে সমগ্ৰ দেশখনতে মুঠ ১০ হাজাৰ সেনা, আৰক্ষী আৰু উদ্ধাৰকাৰী দল নিয়োজিত কৰা হৈছে। কিন্তু নৈসমূহৰ জলস্তৰ বৃদ্ধি তথা প্ৰতিকূল বতৰৰ বাবে উদ্ধাৰ অভিযানত বাধা আহি পৰিছে । বিশেষকৈ ক্যুশু, ফুকুওকা আৰু ওইটা (Oita) ক্ষেত্ৰত বানৰ প্ৰভাৱ অধিক হোৱা পৰিলক্ষিত হৈছে । ক্যুশু ক্ষেত্ৰৰ প্ৰায় ৩ মিলিয়ন লোকক উক্ত স্থান খালী কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ।

জাপানত বানৰ তাণ্ডৱ

জাপানত বানৰ ফলত ৫০ গৰাকীকৈ লোকৰ মৃত্যু হোৱা ঘটনাত শোকপ্ৰকাশ কৰে ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টোনিও গুটেৰেচে । বানপীড়িত লোকসকলৰ লগতে জাপানবাসী আৰু চৰকাৰলৈ সমবেদনা জ্ঞাপন কৰে ৰাষ্ট্ৰসংঘৰ মহা সচিবগৰাকীয়ে ।

লগতে পঢ়ক :পশ্চিম বংগৰ ছিৰিয়েল কিলাৰ কামৰুজ্জামানক মৃত্যুদণ্ডৰ ৰায়দান

ABOUT THE AUTHOR

...view details