অসম

assam

ETV Bharat / briefs

ছিপাঝাৰত গৰাখহনীয়া ৰোধৰ নামত দুৰ্নীতি - দিমিলা নদী

ছিপাঝাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত দুনী গাঁৱত গৰাখহনীয়া ৰোধৰ নামত দুৰ্নীতি,জনৈক নাথ নামৰ ঠিকাদাৰজনে দিমিলা নদীৰ গৰাখহনীয়া ৰোধৰ বাবে আৱণ্টিত হোৱা ধন আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ

ছিপাঝাৰত গৰাখহনীয়া ৰোধৰ নামত দুৰ্নীতি

By

Published : May 10, 2019, 10:05 PM IST

ছিপাঝাৰ,১০মে' : ছিপাঝাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত দুনী গাঁৱত গৰাখহনীয়া ৰোধৰ নামত দুৰ্নীতি । বিধায়ক বিনন্দ শইকীয়াৰ গৃহ পঞ্চায়তত আঁচনি ৰূপায়ণৰ নামত বহু দুৰ্নীতি চলি আহিছে বুলি অভিযোগ উত্থাপিত কৰে স্থানীয় ৰাইজে ।

ছিপাঝাৰত গৰাখহনীয়া ৰোধৰ নামত দুৰ্নীতি

উল্লেখ্য যে,দিপীলাৰ দিমিলা নদীৰ গৰাখহনীয়া ৰোধৰ বাবে চৰকাৰে আৱণ্টন কৰিছিল বৃহৎ পৰিমাণৰ ধন । কিন্তু জনৈক নাথ নামৰ ঠিকাদাৰজনে নদীখনৰ কোনোবা ঠাইত নামফলক আঁৰি আৰু কোনোবা ঠাইত আকৌ কাম নকৰাকৈয়ে লুটিছে ধন । যাৰ বাবে ক্ষোভিত হৈ পৰে অঞ্চলবাসী । কিয়নো, বাৰিষা অহাৰ লগে-লগেই দিমিলা নদীত বৃদ্ধি পাইছে গৰাখহনীয়া । গৰাখহনীয়াৰ বাবে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ যাব নোৱাৰা পৰিস্থিতিৰো সৃষ্টি হৈছে বুলি মন্তব্য কৰে স্থানীয় ৰাইজে । আনহাতে, অতি শীঘ্ৰে যদি দিমিলা নদীৰ গৰাখহনীয়া ৰোধৰ বাবে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অঞ্চলবাসী পানীৰ তলত বুৰ যাব লাগিব বুলি উল্লেখ কৰে অঞ্চলবাসীয়ে ।

ABOUT THE AUTHOR

...view details