অসম

assam

ETV Bharat / briefs

কৰিমগঞ্জৰ পথাৰত বিদ্যুৎ পৰিবাহী খুঁটা - বিদ্যুৎ বিভাগে

কৰিমগঞ্জ জিলাৰ দুল্লভচৰা-চেৰাগী পথত কাষৰ পথাৰত ভয়ানক অৱস্থাত পৰি আছে বহুকেইটা বিদ্যুৎ পৰিবাহী খুঁটা

কৰিমগঞ্জৰ পথাৰত বিদ্যুৎপৰিবাহী খুটা

By

Published : Apr 26, 2019, 2:47 PM IST

কৰিমগঞ্জ,২৬ এপ্ৰিল : কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী সমষ্টিৰ দুল্লভচৰা-চেৰাগী পথত যিকোনো মুহূৰ্ততে সংঘটিত হ'ব পাৰে ভয়ানক ঘটনা । পথটোৰ কাষতে থকা পথাৰত ওপৰত পৰি আছে বিদ্যুত পৰিবাহী তাঁৰ লগতে খুঁটা । দীৰ্ঘদিন ধৰি পথাৰৰ ওপৰতে পৰি আছে বিদ্যুত পৰিবাহী তাঁৰ সংযোগী বিদ্যুতৰ খুঁটা । আনকি,এটা-দুটা নহয় বহুকেইটা বিদ্যুৎপৰিবাহী তাঁৰ সংযোগী খুঁটাবোৰ এনেদৰেই পৰি থকাৰ অভিযোগ স্থানীয় ৰাইজৰ । ইফালে বিদ্যুৎ বিভাগে ইয়াৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰে অঞ্চলবাসী ।

কৰিমগঞ্জৰ পথাৰত বিদ্যুৎপৰিবাহী খুটা

ABOUT THE AUTHOR

...view details