স্পোৰ্টছ ডেস্ক, ১৫ জুন: বলিউডৰ জনপ্ৰিয় অভিনেতা সুশান্ত সিং ৰাজপুটৰ মৃত্যুৰ পিছতে সমগ্ৰ বলিউডকে ধৰি ভাৰতীয় ক্ৰিকেট তাৰকাসকলেও শোক প্ৰকাশ কৰা পৰিলক্ষিত হৈছে । ইয়াৰ মাজতে ভাৰতীয় ক্ৰিকেটাৰ ৰবীন উথাপ্পাই সুশান্তৰ আত্মহত্যা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, ভালেই হওঁক বা বেয়াই হওঁক, মনৰ ভিতৰত অশান্তি দি থকা দুখবোৰ আনৰ আগত প্ৰকাশ কৰা উচিত ।
সুশান্ত সিং ৰাজপুটৰ মৃত্যু সন্দৰ্ভত ক্ৰিকেটাৰ ৰবীন উথাপ্পাৰ প্ৰতিক্ৰিয়া - অভিনেতা সুশান্ত সিং ৰাজপুটৰ মৃত্যু
অভিনেতা সুশান্ত সিং ৰাজপুটৰ মৃত্যুৰ পিছতে ভাৰতীয় ক্ৰিকেটাৰ ৰবীন উথাপ্পাৰ প্ৰতিক্ৰিয়া ব্যক্ত । ভালেই হওঁক বা বেয়াই হওঁক, মনৰ ভিতৰত অশান্তি দি থকা দুখবোৰ আনৰ আগত প্ৰকাশ কৰা উচিত বুলি কৈ তেওঁ সুশান্তৰ মৃত্যুত শোক প্ৰকাশ কৰে ।
সুশান্ত সিং ৰাজপুটৰ মৃত্যুত মানসিক অশান্তি সন্দৰ্ভত ক্ৰিকেটাৰ ৰবীন উথাপ্পাৰ প্ৰতিক্ৰিয়া
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰতিভাশালী বেটছমেন উথাপ্পাই সদৰী কৰে যে, দুবছৰ পূৰ্বে তেওঁ নিজেও এনেকুৱা মানসিক অশান্তিত ভুগিছিল । কিন্তু তেওঁৰ সন্মান একমাত্ৰ ক্ৰিকেটে তেওঁক ঘৰৰ বেলকনীৰ পৰা জঁপিওৱাত বাধা দিছিল । উথাপ্পাই টুইটযোগে অভিনেতা সুশান্তৰ মৃত্যুত শোক প্ৰকাশ কৰে ।
লগতে পঢ়ক:অত্যাৱশ্যকীয় সেৱাৰ সৈতে আজিৰে পৰা আৰম্ভ হ'ব মুম্বাই লোকেল ট্ৰেইন