ধুবুৰী, ২৩: চেপ্টেম্বৰ: ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ ৰসমাৰী অঞ্চলৰ ব্ৰহ্মপুত্ৰত দক্ষিণ শালমাৰা থানাৰ আৰক্ষীয়ে বাংলাদেশলৈ গৰুৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে চলায় এক অভিযান । ব্ৰহ্মপুত্ৰৰ মাজেদি বাংলাদেশলৈ গৰুৰ চোৰাং সৰবৰাহৰ চেষ্টা কৰি থকা অৱস্থাত ১১টা গৰুসহ নাওৰ লগতে এজন চোৰাং গৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দক্ষিণ শালমাৰা আৰক্ষীয়ে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰাং গৰু সৰবৰাহকাৰীজন দক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত মনিচৰ গাঁৱৰ ৰুপচান্দ আলী বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত দক্ষিণ শালমাৰা থানাত ৩১১/২০২০ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ৩৭৯/৪১১/৩৪ আই পি চি আৰ/ডব্লিউ ৯৮ আই চি টি আৰু ১১ পি চি এ এক্ট, ১৯৬০ৰ অধীনত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।
ধুবুৰীত নদী পথেৰে গৰুৰ চোৰাং সৰবৰাহ - শালমাৰা আৰক্ষী
ব্ৰহ্মপুত্ৰৰ মাজেদি বাংলাদেশলৈ গৰুৰ চোৰাং সৰবৰাহৰ চেষ্টা কৰি থকা অৱস্থাত ১১টা গৰুসহ নাওৰ লগতে এজন চোৰাং গৰু সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দক্ষিণ শালমাৰা আৰক্ষীয়ে।

ধুবুৰীত নদী পথেৰে গৰুৰ চোৰাং সৰবৰাহ
উল্লেখ্য যে, বানপানীৰ সুযোগ লৈ এতিয়াও ধুবুৰী-দক্ষিণ শালমাৰা নদী পথেৰে বাংলাদেশলৈ গৰুৰ চোৰাং সৰবৰাহ অব্যাহত ৰাখিছে অসাধু চক্ৰই ।
লগতে পঢ়ক: ছয় নং দফাৰ প্ৰতিবেদনৰ নামত খিলঞ্জীয়াক চৰকাৰৰ মহা প্ৰবঞ্চনাঃ উপমন্যু