অসম

assam

ETV Bharat / briefs

কৰ'ণা মুক্ত হ'ল নিউজিলেণ্ডঃ প্ৰধানমন্ত্ৰী জাকিণ্ডা আৰডাৰ্ণ

চলিত বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীত নিউজিলেণ্ডত প্ৰথমজন ব্যক্তিৰ দেহত ধৰা পৰিছিল কোভিড-১৯ ৰ উপস্থিতি। তেতিয়াৰ পৰাই প্ৰায় তিনিমাহ সময় ৰাষ্ট্ৰখনে কোভিড-১৯ ৰ বিৰুদ্ধে যুঁজ দি আছিল

By

Published : Jun 8, 2020, 8:40 PM IST

New Zealand
COVID-19: New Zealand declares it is free from the virus for now as it records zero active cases

ইণ্টাৰনেশ্যনেল ডেস্ক, ৮ জুনঃ কোভিড ১৯ ৰ কৱলৰ পৰা মুক্ত হ'ল নিউজিলেণ্ড। সম্প্ৰতি ৰাষ্ট্ৰখনত এজনো কোভিড ৰোগী নাই বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী জাকিণ্ডা আৰডাৰ্ণয়ে । ইতিমধ্যে সুস্থ হৈ উঠিছে মহামাৰী কৰ'ণা আক্ৰান্ত সকলো ৰোগী।

কৰ'ণা মুক্ত হ'ল নিউজিলেণ্ডঃ প্ৰধানমন্ত্ৰী জাকিণ্ডা আৰডাৰ্ণ

প্ৰধানমন্ত্ৰী জাকিণ্ডা আৰডাৰ্ণয়ে নিউজিলেণ্ডক কোভিড শূন্য দেশ ঘোষণা কৰাৰ লগে লগে শিথিল কৰা হয় কোভিড-১৯ৰ সকলো নীতি-নিয়ম। সোমবাৰে নিশাৰ পৰা শিথিল কৰা হয় সকলো নীতি-নিয়ম। কিন্তু বৰ্তমানেও বন্ধ কৰি ৰখা হৈছে কিৱি সীমান্ত। লগতে, ৰাষ্ট্ৰখনলৈ বহিঃৰাষ্ট্ৰৰ পৰা কোনো লোক আহিলে কোভিড-১৯ পৰীক্ষাৰ ব্যৱস্থা অব্যাহত থাকিব বুলি স্বাস্থ্য বিভাগে প্ৰকাশ কৰে।

উল্লেখ্য যে, চলিত বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীত নিউজিলেণ্ডত প্ৰথমজন ব্যক্তিৰ দেহত ধৰা পৰিছিল কোভিড-১৯ৰ উপস্থিতি। তেতিয়াৰ পৰাই প্ৰায় তিনিমাহ সময় ৰাষ্ট্ৰখনে কোভিড-১৯ৰ বিৰুদ্ধে যুঁজ দি আছিল।

দেশখনৰ স্বাস্থ্য় মন্ত্ৰণালয়ে উল্লেখ কৰা অনুসৰি সুদীৰ্ঘ তিনি মাহত দেশখনত কোভিড-১৯ ত আক্ৰান্ত হৈছিল মুঠ ১,১৫৪ গৰাকী লোক। লগতে, এই মহামাৰীত মৃত্যুমুখত পৰিছিল ২২ গৰাকী ব্যক্তি। স্বাস্থ্য বিভাগে উল্লেখ কৰা অনুসৰি নিউজিলেণ্ডত ১৭ দিন পূৰ্বে পোৱা গৈছিল কোভিড ১৯ ৰ অন্তিমজন ৰোগী।

ইফালে, প্ৰধানমন্ত্ৰীগৰাকীৰ এই ঘোষণাৰ পাছতেই আনন্দিত হৈ পৰে দেশবাসী। লগতে জাকিণ্ডা আৰডাৰ্ণৰ এই বাৰ্তা টুইটাৰত ট্ৰেণ্ডিঙত আহি যায়।

ABOUT THE AUTHOR

...view details