অসম

assam

ETV Bharat / briefs

কোভিড-১৯ত মৃত্যু হোৱা কৰ্কট ৰোগী কৰ্কট চিকিৎসাৰ দ্বাৰা প্ৰভাৱিত নহয়: গৱেষণা - কেম'অথেৰাপী

ইউনিভাৰ্ছিটি অৱ ব্ৰিমিংঘাম আৰু অক্সফ'ৰ্ডে এক গৱেষণাৰ দ্বাৰা প্ৰমাণিত হৈছে যে,কৰ্কট ৰোগীসকলৰ মৃত্যুৰ কাৰণ জানিব পৰা গৈছে । কোভিড-১৯ হাস্পতালত চিকিৎসা প্ৰদান কৰা কৰ্কট ৰোগীৰ মৃত্যুৰ হাৰ কেম'অথেৰাপী অথবা অন্য কৰ্কট বিৰোধী চিকিৎসাৰ দ্বাৰা প্ৰভাৱিত নহয় ।

ইউনিভাৰ্ছিটি অৱ ব্ৰিমিংঘাম আৰু অক্সফ'ৰ্ডৰ গৱেষণা
ইউনিভাৰ্ছিটি অৱ ব্ৰিমিংঘাম আৰু অক্সফ'ৰ্ডৰ গৱেষণা

By

Published : Jun 4, 2020, 3:44 PM IST

নেশ্যনেল ডেস্ক, ৪ জুন: ইউনিভাৰ্ছিটি অৱ ব্ৰিমিংঘাম আৰু অক্সফ'ৰ্ডে কোভিড-১৯ হাস্পতালত চিকিৎসা প্ৰদান কৰা কৰ্কট ৰোগীৰ মৃত্যুৰ কাৰণ উলিয়াবলৈ এক গৱেষণা সম্পন্ন কৰে । UK Coronavirus Cancer Monitoring Project (UKCCMP)য়ে এই গৱেষণাৰ নেতৃত্ব বহন কৰে আৰু এই সমিতিয়ে মাৰ্চ মাহত গৱেষণা আৰম্ভ কৰি ইংলেণ্ডৰ কোভিড-১৯ত আক্ৰান্ত কৰ্কট ৰোগীসকলৰ সমীক্ষা চলায় ।

ইউনিভাৰ্ছিটি অৱ ব্ৰিমিংঘাম আৰু অক্সফ'ৰ্ডৰ গৱেষণা

কেম'অথেৰাপী বা অন্যান্য কৰ্কট চিকিৎসা যেনে ৰেডিঅ'থেৰাপী, ইমিউন'থেৰাপী অথবা হৰমনথেৰাপীয়ে কৰ্কট ৰোগীসকলৰ মৃত্যুৰ হাৰত কিদৰে প্ৰভাৱ পেলায় তাৰ মূল্যাংকণ কৰিবলৈ এই পৰিকল্পনা হাতত লোৱা বুলি জানিব পৰা গৈছে । ইয়াৰোপৰি, প্ৰতিখন স্থানীয় হাস্পতালৰ কৰ্কট চিকিৎসকক এই গৱেষণাত ভাগ ল'বলৈ দি ৰোগীসকলৰ সঁচাকৈয়ে মৃত্যু হৈছেনে নাই,নে তেওঁলোকক অসুস্থভাৱে হাস্পতালৰ পৰা যাবলৈ দিয়া হৈছে,ৰোগীসকলৰ বয়স,লিংগ আদি সকলোতে গুৰুত্ব প্ৰদান কৰে গৱেষকসকলে ।

ইংলেণ্ডৰ মুঠ ৫৫ টা কৰ্কট কেন্দ্ৰত সূচনা জাৰি কৰে UKCCMPয়ে । প্ৰথমতে ৮০০ জন কোভিড-১৯ত আক্ৰান্ত কৰ্কট ৰোগীৰ বিশ্লেষণ দাঙি ধৰে তেওঁলোকে । ৮০০ জন ৰোগীৰ ভিতৰত ১৬৯ জনৰ ক্ষেত্ৰত গম পোৱা গৈছে যে, তেওঁলোকৰ কৰ্কট ৰোগৰ বাহিৰে আন একো বেমাৰ নাই । বাকী ৬৩১ জন ৰোগীৰ দেহত কৰ্কট ৰোগৰ উপৰিও উচ্চ ৰক্তচাপ, মধুমেহ,হৃদৰোগ আদিও আছে বুলি সংস্থাটোৱে সদৰী কৰে ।

লগতে পঢ়ক: বানৰ কবলত পুৰণিগুদামৰ বিস্তীৰ্ণ অঞ্চল

ABOUT THE AUTHOR

...view details