কৰিমগঞ্জ, 21 জুন: বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে জাৰি কৰা গ্ৰেপ্তাৰী পৰোৱানা উভতাই ল'লে কৰিমগঞ্জ আদালতে ৷ বিধায়কগৰাকীৰ পিতৃৰ বিয়োগৰ বিষয়ে তেওঁৰ অধিবক্তা অজয় কুমাৰ ৰয়ে আদালতত জনোৱাৰ পিছতেই আদালতে এই গ্ৰেপ্তাৰী পাৰোৱানা উঠাই লয় ৷
গ্ৰেপ্তাৰ নহয় শিলাদিত্য় ! - বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে জাৰি কৰা গ্ৰেপ্তাৰি পৰোৱানা উভতাই ল'লে কৰিমগঞ্জ আদালতে
বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে জাৰি কৰা গ্ৰেপ্তাৰী পৰোৱানা উভতাই ল'লে কৰিমগঞ্জ আদালতে ৷ বিধায়কগৰাকীৰ পিতৃৰ বিয়োগৰ বিষয়ে তেওঁৰ অধিবক্তাই কালি আদালতত জনোৱাৰ পিছতেই আদালতে এই গ্ৰেপ্তাৰী পাৰোৱানা উঠাই লয় ৷
![গ্ৰেপ্তাৰ নহয় শিলাদিত্য় !](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3626496-thumbnail-3x2-siladitya.jpg)
বিধায়ক শিলাদিত্য দেৱৰ গ্ৰেপ্তাৰী পাৰোৱানা উঠাই লয় কৰিমগঞ্জ আদালতে
বিধায়ক শিলাদিত্য দেৱৰ গ্ৰেপ্তাৰী পাৰোৱানা উঠাই লয় কৰিমগঞ্জ আদালতে
ঈদৰ সময়ত আলফাই বোমা ফুটাব নোৱাৰে বুলি সাম্প্ৰদায়িক মন্তব্য কৰিছিল বিধায়কগৰাকীয়ে ৷ বিধায়কগৰাকীৰ এই মন্তব্যৰ পিচতেই কৰিমগঞ্জৰ জুনেইদ আহমেদ নামৰ লোকজনে গোচৰ তৰিছিল বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে ৷ ইয়াৰ পিচতেই কৰিমগঞ্জৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে বিধায়কগৰাকীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰি অহা 23 জুলাই তাৰিখে আদালতত উপস্থিত হোৱাৰ নিৰ্দেশ দিছিল ৷ কিন্তু তেঁওৰ অধিবক্তা অজয় কুমাৰ ৰয়ে পিতৃ বিয়োগৰ বিষয়ে আদালতক অৱগত কৰোৱাৰ পিছত আজি বিধায়কগৰাকীৰ গ্ৰেপ্তাৰী পাৰোৱানা উঠাই লয় কৰিমগঞ্জ আদালতে ৷
Last Updated : Jun 21, 2019, 11:00 PM IST