দৰং, 25 জুন: দলগাঁৱৰ বেছিমাৰী চিকিৎসালয় নিৰ্মাণ কাৰ্যত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি আৰু অনিয়ম ৷ অতি নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰি কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে ইত্তেহাদ ফ্ৰন্ট নামৰ এটা অৰাজনৈতিক সংগঠনে ৷ অধিক মুনাফাৰ লোভত অতি নিম্নমানৰ ইটা ,বালি ,চিমেন্ট ,ৰ'ড , টিনপাত, কাঠ আদি ব্যৱহাৰ কৰি ঠিকাদাৰ আৰু কনিষ্ঠ অভিযন্তাই লুন্ঠন চলোৱাৰ অভিযোগ ইত্তেহাদ ফ্ৰন্টৰ ৰাজ্যিক সম্পাদক নুৰ ইছলামৰ৷
নিৰ্মাণ হোৱা দলং ভাঙি পেলোৱাৰ দাবী কাৰ ! - Etv Bharat
দলগাঁৱৰ বেছিমাৰী চিকিৎসালয় নিৰ্মাণ কাৰ্যত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি আৰু অনিয়ম ৷ অতি নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰি কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে ইত্তেহাদ ফ্ৰন্ট নামৰ এটা অৰাজনৈতিক সংগঠনে ৷
দৰঙৰ বেছিমাৰীত ব্যাপক দূৰ্নীতি-অনিয়মেৰে চিকিৎসালয় নিৰ্মাণৰ অভিযোগ ইত্তেহাদ ফ্ৰন্টৰ
এইক্ষেত্ৰত এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে ইত্তেহাদ ফ্ৰন্টৰ ৰাজ্যিক সম্পাদক নুৰ ইছলামে৷ লগতে এই তদন্তৰ জৰিয়তে দূৰ্নীতি পৰায়ণ আমোলা বিষয়াৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নিৰ্মাণ হোৱা দলঙখন ভাঙি পুণৰ নিৰ্মাণ কৰাৰ বাবে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দাবী জনায় ইত্তেহাদ ফ্ৰন্টৰ ৰাজ্যিক সম্পাদকগৰাকীয়ে৷