নিউজ ডেস্ক, ২ জুলাইঃ "কোভিড-১৯ মহামাৰী মানুহৰ চৰিত্ৰৰ এটা পৰীক্ষা আৰু এনে সংকটৰ সময়ত আমি ঐক্যবদ্ধভাৱে মানৱতাৰ কল্যানৰ হকে কাম কৰিব লাগে।" বুধবাৰে এই কথা প্ৰকাশ কৰে বিশ্ব স্বাস্থ্য সংস্থাই ।
সম্প্ৰতি বিশ্বত কোভিড-১৯ ৰোগৰ চিকিৎসাৰ বাবে অনুজ্ঞা পত্ৰ লাভ কৰা 'Remdesivir' নামে এতিয়া কেৱল এটাই ঔষধ আছে । ইতিমধ্যে যিমানসংখ্যক ঔষধ মজুত আছিল সেই সকলো ঔষধ আমেৰিকাই ক্ৰয় কৰিছে বুলি খবৰ লাভ কৰা গৈছে । আগন্তুক তিনিমাহলৈকে অন্য কোনো দেশে 'Remdesivir' নামে ঔষধবিধ ক্ৰয় কৰিব নোৱাৰিব ।
"কোভিড-১৯ মহামাৰী মানুহৰ চৰিত্ৰৰ এটা পৰীক্ষা" - বিশ্ব স্বাস্থ্য সংস্থাৰ অধ্যক্ষ বিশ্ব স্বাস্থ্য সংস্থাৰ তৎকালীন বিভাগৰ পৰিচালন সঞ্চালক ডা০ মাইক ৰয়ানে উল্লেখ কৰা অনুসৰি, আমেৰিকাই গিলিড চাইঞ্চ নামৰ ঔষধ কোম্পানীৰ লগত এটা চুক্তি কৰিছিল । চুক্তি অনুসৰি অন্য দেশেও 'Remdesivir' নামৰ ঔষধবিধৰ উৎপাদন কৰিব পাৰে । কিন্তু বৰ্তমানেও এই চুক্তিৰ মূল্যায়ন কৰা হোৱা নাই বুলি ডা০ মাইক ৰয়ানে উল্লেখ কৰে।
কোভিড-১৯ মহামাৰী মানুহৰ চৰিত্ৰৰ এটা পৰীক্ষা তদুপৰি, বিশ্ব স্বাস্থ্য সংস্থাৰ অধ্যক্ষ ডা০ টেডৰোচ আধানোম ঘেব্ৰিয়েচাছে এই মহামাৰীৰ পৰা ৰক্ষা পাবলৈ মানবতাৰ কল্যানৰ হকে কাম কৰাটো সৰ্বোত্তম উপায় বুলি উল্লেখ কৰে।