হোজাই, ২০ জুন :কৰ'ণা মহামাৰীৰ সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰে কাৰ্বি আংলঙত কৰ'ণা ন্যায় কিট বিতৰণ কৰে পশ্চিম কাৰ্বি আংলং জিলা যুৱ কংগ্ৰেছে । লগতে,গালৱান ভেলীত চীনা সৈন্যৰ হাতত শ্বহীদ হোৱা সেনা জোৱানসকলকো ১ মিনিট মৌন প্ৰাৰ্থনা জনাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সংগঠনটোৱে ।
কাৰ্বি আংলঙত কৰ'ণা ন্যায় কিট বিতৰণ পশ্চিম কাৰ্বি আংলং জিলা যুৱ কংগ্ৰেছৰ - দৰিদ্ৰ পৰিয়ালৰ মাজত চাউল, দাইল, চেনিটাইজাৰ আৰু মাস্ক বিতৰণ
শনিবাৰে কাৰ্বি আংলঙত কৰ'ণা ন্যায় কিট বিতৰণ কৰে পশ্চিম কাৰ্বি আংলং জিলা যুৱ কংগ্ৰেছে । লগতে, গালৱান ভেলীত চীনা সৈন্যৰ হাতত শ্বহীদ হোৱা সেনা জোৱানসকলকো ১ মিনিট মৌন প্ৰাৰ্থনা জনাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সংগঠনটোৱে ।
![কাৰ্বি আংলঙত কৰ'ণা ন্যায় কিট বিতৰণ পশ্চিম কাৰ্বি আংলং জিলা যুৱ কংগ্ৰেছৰ কাৰ্বি আংলঙত কৰ'ণা ন্যায় কিট বিতৰণ পশ্চিম কাৰ্বি আংলং জিলা যুৱ কংগ্ৰেছৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-pashimkarbiarlongkitbitoran-20062020185959-2006f-1592659799-881.jpg)
কাৰ্বি আংলঙত কৰ'ণা ন্যায় কিট বিতৰণ পশ্চিম কাৰ্বি আংলং জিলা যুৱ কংগ্ৰেছৰ
উল্লেখ্য যে,কৰ'ণা ন্যায় কিটৰ জৰিয়তে দৰিদ্ৰ পৰিয়ালৰ মাজত চাউল, দাইল,চেনিটাইজাৰ আৰু মাস্ক বিতৰণ কৰে সংগঠনটোৱে । এই কাৰ্যসূচীত উপস্থিত থাকে পশ্চিম কাৰ্বি আংলং জিলা যুৱ কংগ্ৰেছৰ সভাপতি আগষ্টিন ইংহি,সম্পাদক মনোজ যাদৱ,পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছ সমিতিৰ সভাপতি সাৰ্থে ক্ৰামছা আৰু ৭ নং কপিলী মণ্ডল কংগ্ৰেছ সমিতিৰ সদস্যসকল ।
লগতে পঢ়ক : ভাৰত-চীনৰ সীমা বিবাদ সংঘৰ্ষৰ এক বিৱৰণ
Last Updated : Jun 20, 2020, 9:32 PM IST