বাক্সা, 14 মে': বাক্সাৰ তামুলপুৰৰ টেঙাজানস্থিত মাজালবাৰী বেটাগাঁওৰ এখন দলঙৰ জৰাজীৰ্ণ অৱস্থা৷ বেটাগাঁওৰ শুল্কানৈৰ ওপৰত থকা এখন দলঙৰ কাম বিসংগতি পূৰ্ণ ভাবে আৰম্ভ কৰাৰ ফলত খহি পৰিল অৰ্ধনিৰ্মিত দলঙৰ খুটা৷ বি টি এ ডি ৰ শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ সদস্য গণেশ কছাৰীয়ে উদ্বোধন কৰা দলং খন নিৰ্মাণ কৰাৰ দ্বায়িত্ব লাভ কৰিছিল ঠিকাদাৰ এছ এছ হালৈয়ে৷ কিন্তু ঠিকাদাৰজনৰ অৱহেলাত আজি পৰ্যন্ত দলং খনৰ এটা খুটাও সম্পূৰ্ণ হৈ নুঠিল৷
নিম্নমানৰ কামেৰে আৰম্ভণি তামুলপুৰ শুক্লা নৈৰ ওপৰৰ দলঙৰ কাম: খহি পৰিল দলঙৰ খুটা - etv bharat
বেটাগাঁওৰ শুল্কানৈৰ ওপৰত থকা এখন দলঙৰ কাম বিসংগতি পূৰ্ণ ভাবে আৰম্ভ কৰাৰ ফলত খহি পৰিল অৰ্ধনিৰ্মিত দলঙৰ খুটা৷
নিম্নমানৰ কামেৰে আৰম্ভণি তামুলপুৰ শুক্লা নৈৰ ওপৰৰ দলঙৰ কাম: খহি পৰিল দলঙৰ খুটা
যিটো খুটাৰ কম প্ৰায় 50 % কৰিছিল সেয়াও বিসংগতি পূৰ্ণ ভাবে কৰাৰ ফলত খহি পৰিল ৷ গড়কাপ্তানি বিভাগ আৰু ঠিকাদাৰ ৰ মাজৰ বুজা বুজিৰ বাবে ঠিকাদাৰ গৰাকীয়ে এনেদৰে বিসংগতি পূৰ্ণ ভাবে দলঙৰ কাম আৰম্ভ কৰিব পাৰিছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে৷