অসম

assam

ETV Bharat / briefs

বিজেপি দলক তীব্ৰ সমালোচনা কাৰ্বি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্যা ইলিচ ইংতিপীৰ - Bjp government

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক চেমচন ইংতিয়ে সমাগত বিধানসভা নিৰ্বাচনত কাৰ্বি আংলঙত কংগ্ৰেছৰ জয় নিশ্চিত বুলি দাবী কৰাৰ বিপৰীতে কাৰ্বি আংলঙত বিজেপিয়ে একো পৰিৱৰ্তন আনিব পৰা নাই বুলি মন্তব্য কৰে।

Congress leader blaming BJP government
বিজেপি দলক তীব্ৰ সমালোচনা কাৰ্বি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্যা তথা কংগ্ৰেছ নেত্ৰী ইলিচ ইংতিপীৰ

By

Published : Oct 2, 2020, 10:34 PM IST

কাৰ্বি আংলং, ২ অক্টোবৰ: বিজেপি চৰকাৰে কি পৰিৱৰ্তন আনিছে, সেয়া খেৰণি-জেৰিকীণ্ডিং পথৰ দুৰৱস্থাই ৰাইজক প্ৰমাণ দিছে" বুলি মন্তব্য কৰি বিজেপি চৰকাৰ তথা বিজেপি দলক তীব্ৰ সমালোচনা কৰে কাৰ্বি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা কংগ্ৰেছ নেত্ৰী ইলিচ ইংতিপীয়ে ।

উল্লেখ্য যে, পশ্চিম কাৰ্বি আংলঙৰ জেৰিকীণ্ডিঙত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ যুটীয়া বৰ্ধিত সভাত অংশ লৈ বিজেপি চৰকাৰৰ লগতে কাৰ্বি পৰিষদৰ আমৰেং পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধিক কঠোৰ ভাষাৰে সমালোচনা কৰি আমৰেং পৰিষদীয় সমষ্টিত কংগ্ৰেছে কৰা পৰিৱৰ্তনৰ ছবিৰেই বিজেপিয়ে ব্যাপক পৰিৱৰ্তন আনিছে বুলি ফটা ঢোল বজাই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাৰ অপচেষ্টা চলাই আহিছে বুলি উল্লেখ কৰে ইংতিপীয়ে ।

বিজেপি দলক তীব্ৰ সমালোচনা কাৰ্বি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্যা তথা কংগ্ৰেছ নেত্ৰী ইলিচ ইংতিপীৰ

আনহাতে পশ্চিম কাৰ্বি আংলং জিলা যুৱ কংগ্ৰেছৰ সভাপতি আগষ্টিন ইংহিয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে যে কংগ্ৰেছে কোনো স্বাৰ্থ অথবা বিনিময় বিচাৰি দুৰ্গম অঞ্চলত তথা পাহাৰীয়া জিলা কাৰ্বি আংলঙত ৰাজনীতি কৰা নাছিল, কেৱল ৰাইজৰ স্বাৰ্থত, জনকল্যাণৰ স্বাৰ্থত, কাৰ্বি আংলঙৰ উন্নয়ন আৰু বিকাশৰ স্বাৰ্থতহে ৰাজনীতি কৰিছিল । কিন্তু বিপৰীতে বিজেপিয়ে কি পৰিৱৰ্তন আনিছে পাহাৰবাসী ৰাইজৰ বাবে অথবা পাহাৰীয়া জিলাখনত কি উন্নয়ন আৰু বিকাশ সাধন কৰিছে বিজেপিয়ে বুলি পাহাৰবাসী ৰাইজক প্ৰশ্ন কৰে ইংহিয়ে ?

পৰিৱৰ্তনৰ নামত পৰিৱৰ্তনৰ শ্ল’গানেৰে শাসনৰ গাদী দখল কৰা বিজেপিয়ে কেৱল ৰাইজক প্ৰতাড়িত আৰু বঞ্চিত কৰি নিজৰ স্বাৰ্থ সিদ্ধি কৰাৰ লগতে ক্ষমতা দখল আৰু অটুত ৰখাৰ চেষ্টা কৰি অহিছে বুলি উল্লেখ কৰে ।

ইফালে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক চেমচন ইংতিয়ে সমাগত বিধানসভা নিৰ্বাচনত কাৰ্বি আংলঙত কংগ্ৰেছৰ জয় নিশ্চিত বুলি দাবী কৰাৰ বিপৰীতে কাৰ্বি আংলঙত বিজেপিয়ে একো পৰিৱৰ্তন আনিব পৰা নাই বুলি মন্তব্য কৰে।

বিজেপি দলক তীব্ৰ সমালোচনা কাৰ্বি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্যা তথা কংগ্ৰেছ নেত্ৰী ইলিচ ইংতিপীৰ

উক্ত সভাত ৮ টাকৈ পৰিয়ালে বিজেপি আৰু এ পি এইছ এল চি দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে । উল্লেখযোগ্য যে অনুষ্ঠিত যুটীয়া বৰ্ধিত সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক চেমচন ইংতি, কাৰ্বি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা কংগ্ৰেছ নেত্ৰী ইলিচ ইংতিপী, প্ৰাক্তন কাৰ্যবাহী সদস্য তথা পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিৰ উপ সভাপতি ছিং টেৰণ, কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক সঞ্জীৱ টেৰণ, পশ্চিম কাৰ্বি আংলং জিলা যুৱ কংগ্ৰেছৰ সভাপতি আগষ্টিন ইংহি, পশ্চিম কাৰ্বি আংলং জিলা মহিলা কংগ্ৰেছ কমিটিৰ ক্ৰমে সভানেত্ৰী বিমলা তিমুংপি, সাধাৰণ সম্পাদিকা চনম তিমুংপি, আমৰেং মণ্ডল কংগ্ৰেছ কমিটিৰ সভাপতি ছাৰ্থে ৰংহিৰ লগতে সহস্ৰাধিক কংগ্ৰেছ নেতাকৰ্মী আৰু সমৰ্থক উপস্থিত থাকে।

লগতে পঢ়ক: গাঁৱলীয়া বাটেৰে লুইতৰ ঘাটেৰে আগবাঢ়িব ৰাইজৰ দল

ABOUT THE AUTHOR

...view details