অসম

assam

ETV Bharat / briefs

টীয়কত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল - কোম্পানী

টীয়ক সমষ্টিৰ হাতীগড় অঞ্চলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উপস্থিত হৈ চাৰিলেণ্ডযুক্ত পথ সম্প্ৰসাৰণৰ কামৰ অগ্ৰগতিৰ বুজ ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

টীয়কত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

By

Published : May 4, 2019, 4:32 PM IST

টীয়ক,৪মে' : শনিবাৰে টীয়ক সমষ্টিৰ অন্তৰ্গত হাতীগড় অঞ্চলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটৰ পৰা ডিব্ৰুগড় অভিমুখে অহাৰ পথত মুখ্যমন্ত্ৰী সোনোৱালে উজনি অসমৰ চাৰিলেণ্ডযুক্ত পথ সম্প্ৰসাৰণৰ কামৰ অগ্ৰগতিৰ বুজ লয় । বাৰিষা অহাৰ লগে-লগে বৰষুণ হ'ব বুলি সোণোৱালে মন্তব্য কৰি চাৰিলেণ্ডযুক্ত পথৰ কামৰ দায়িত্বত থকা কোম্পানীক অতি শীঘ্ৰে সকলো প্ৰয়োজনীয় সামগ্ৰী তথা পৰ্যাপ্ত বনুৱা মজুত ৰাখি ক্ষীপ্ৰতাৰে কাম আগুৱাই নিবলৈ আহ্বান জনায় । আনহাতে, বাৰিষাৰ সময়ছোৱাত যাতে যাত্ৰীসকলৰ কোনো অসুবিধা নহয় তাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈও সোণোৱালে কোম্পানীটোক নিৰ্দেশ দিয়ে । লগতে সংবাদমাধ্যমে ৰাইজৰ সমস্যাবোৰ চৰকাৰক দৃষ্টিগোচৰ কৰি সমাজৰ বাবে সবল ভূমিকা লোৱাৰ বাবেও সংবাদমাধ্যমক শলাগ লয় মুখ্যমন্ত্ৰী সোণোৱালে ।

টীয়কত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ABOUT THE AUTHOR

...view details