গুৱাহাটী, ২০ ডিচেম্বৰ:মা-কামাখ্যাৰ আশিস বিচাৰি দেওবাৰে পুৱা গুৱাহাটীস্থিত শক্তিপীঠত উপস্থিত হয় দেশৰ মুখ্য ন্যায়াধীশ শৰদ অৰবিন্দ ববডে । মন্দিৰ কৰ্তৃপক্ষই উষ্ম আদৰণি জনাই মুখ্য ন্যায়াধীশ ববডেক । পুৱা ৯ বজাত শক্তিপীঠত উপস্থিত হৈ পূজা-অৰ্চনা কৰে দেশৰ মুখ্য ন্যায়াধীশগৰাকীয়ে । গতানুগতিকভাৱে পূজাৰ সকলো পৰ্ব সমাপ্ত কৰি কামাখ্যাৰ পৰা ৰাওনা হয় মুখ্য ন্যায়াধীশ শৰদ অৰবিন্দ ববডে ।
কামাখ্যা ধামত উপস্থিত দেশৰ মুখ্য ন্যায়াধীশ শৰদ অৰবিন্দ ববডে - Sharad Bobde
দেশৰ মুখ্য ন্যায়াধীশগৰাকীৰ আগমনকলৈ বিশেষ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হয় শক্তিপীঠ কামাখ্যা মন্দিৰ চৌহদত ।
CJI Sharad Bobde offers prayers at Kamalhya temple
ইফালে দেশৰ মুখ্য ন্যায়াধীশ গৰাকীৰ আগমনক লৈ বিশেষ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হয় শক্তিপীঠ কামাখ্যা মন্দিৰ চৌহদত । আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হৈ নিৰাপত্তাৰ সকলো দিশ তদাৰক কৰে ।
লগতে পঢ়কঃ বঙাইগাঁৱত নিশা ভয়ংকৰ অগ্নিকাণ্ড