নলবাৰী, ২৩ চেপ্টেম্বৰ: ৰাজহুৱা সম্পদ বিক্ৰী, শ্ৰমিক বিৰোধী শ্ৰম সংস্কাৰ আৰু কৃষি আইনক কৃষক বিৰোধী আখ্যা দি ইয়াৰ বিৰুদ্ধে সমগ্ৰ দেশৰ লগতে বুুধবাৰে নলবাৰী জিলাৰ মুকালমুৱাতো চি.আই.টিইউৱে প্ৰতিবাদ সাব্যস্ত কৰে ৷ চি.আই.টি.ইউ বৰক্ষেত্ৰী আঞ্চলিক সমিতিয়ে মুকালমুৱাৰ মাজমজিয়াৰে এটি প্ৰতিবাদী সমদল উলিয়াই বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ গৈ চক্ৰ বিষয়া গৰাকীৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷ প্ৰতিবাদকাৰী সকলে ৰাজহুৱা খণ্ড বিক্ৰী অভিযান বন্ধ কৰক, শ্ৰমিকৰ স্বাৰ্থ বিৰোধী শ্ৰম সংস্কাৰ বাতিল কৰক, কৃষক বিৰোধী কৃষি সম্পৰ্কীয় আইন প্ৰত্যাহাৰ কৰক, ল'কডাউনে কৰ্মহীন কৰা শ্ৰমিকক মাহিলি ৭৫০০/- টকাকৈ সাহাৰ্য প্ৰদান কৰা, মোডী চৰকাৰ হায় হায় আদি শ্লোগানৰে পৰিৱেশ উত্তাল কৰি তোলে।
নলবাৰীত চি.আই.টি.ইউৰ প্ৰতিবাদ - শ্ৰমিক আইন
চি.আই.টি.ইউৰ বৰক্ষেত্ৰী আঞ্চলিক সমিতিয়ে মুকালমুৱাৰ মাজমজিয়াৰে এটি প্ৰতিবাদী সমদল উলিয়াই বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ গৈ চক্ৰ বিষয়া গৰাকীৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।
![নলবাৰীত চি.আই.টি.ইউৰ প্ৰতিবাদ CITU protest in nalbari](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-08:43:38:1600874018-as-nlb-02-23sep-citu-protest-v-as10004-23092020174312-2309f-1600863192-549.jpg)
নলবাৰীত চি.আই.টিইউৰ প্ৰতিবাদ
লগতে পঢ়ক: ছয় নং দফাৰ প্ৰতিবেদনৰ নামত খিলঞ্জীয়াক চৰকাৰৰ মহা প্ৰবঞ্চনাঃ উপমন্যু