নগাঁও, 29 জুন: কংগ্ৰেছ নেতা সুৰেশ বৰাৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান৷ কংগ্ৰেছৰ আমোলত জলসম্পদ বিভাগত কোটিটকীয়া ঠিকা লাভ কৰিছিল সুৰেশ বৰাই৷ সুৰেশ বৰাৰ মালিকাধীন অংকুৰ এণ্টাৰপ্ৰাইজ নামৰ প্ৰতিষ্ঠানটোৰ কোটিটকীয়া কেলেংকাৰীৰ বিৰুদ্ধে ইতিমধ্যেই দুৰ্নীতি নিবাৰক শাখাই তদন্ত আৰম্ভ কৰিছে৷
দুৰ্নীতি নিবাৰক শাখাৰ ৰোষত কংগ্ৰেছ নেতা সুৰেশ বৰা - Etv Bharat Assam
কংগ্ৰেছ নেতা সুৰেশ বৰাৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান৷ কংগ্ৰেছৰ আমোলত জলসম্পদ বিভাগত কোটিটকীয়া ঠিকা লাভ কৰিছিল সুৰেশ বৰাই৷
গাঁৱত কংগ্ৰেছ নেতা সুৰেশ বৰাৰ বিৰুদ্ধে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান
দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে শনিবাৰে জলসম্পদ বিভাগৰ নগাওঁ সংমণ্ডলত উপস্থিত হৈ আৰম্ভ কৰে তদন্ত৷ বন বিভাগৰ ভুৱা চালান আৰু বহু ভুৱা নথি পত্ৰৰে ঠিকা লাভ কৰাৰ অভিযোগ উত্থাপন হৈছিল কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে৷ নগাঁৱৰ এগৰাকী আৰ টি আই কৰ্মীয়ে এই সমগ্ৰ ঘটনাটো পোঁহৰলৈ আনিছে৷
Last Updated : Jun 29, 2019, 10:54 PM IST