অসম

assam

ETV Bharat / briefs

বিটিআৰ চুক্তিৰ বিৰোধিতাৰে চিৰাঙত উত্তাল প্ৰতিবাদ - BTR

শেহতীয়াকৈ বিটিআৰ চুক্তি ৰূপায়নক লৈ বিটিচিত আৰম্ভ হৈছে প্ৰতিবাদৰ । বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ‍্য চৰকাৰে বিটিচিৰ অবড়ো জনগোষ্টী সমুহক অন্ধকাৰত ৰাখি একপক্ষীয় ভাৱে তৃতীয়খন বড়ো চুক্তি বিটিআৰ ৰুপায়নৰ অভিযোগ ।

Chirang protest
বিটিআৰ চুক্তিৰ বিৰোধিতাৰে চিৰাঙত উত্তাল প্ৰতিবাদ

By

Published : Sep 29, 2020, 10:16 PM IST

চিৰাং, ২৯ ছেপ্টেম্বৰ: চিৰাঙৰ বিজনীৰ উলুবাৰীত বিটিআৰ চুক্তিৰ বিৰোধিতাৰে মঙলবাৰে অবড়ো সুৰক্ষা সমিতিয়ে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। উলুবাৰী আঞ্চলিক অবড়ো সুৰক্ষা সমিতিয়ে দাহ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা। বিটিআৰ চুক্তিৰ বিৰোধিতাৰে পুনৰ জাগি উঠিছে অবড়ো ৰাইজ। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অবড়ো ৰাইজক অন্ধকাৰত ৰাখি একপক্ষীয় ভাৱে অবড়ো ৰাইজৰ মতামত নোলোৱাকৈ কাৰ্যকৰী কৰিবলৈ লোৱাৰ অভিযোগত বিটিআৰ চুক্তিৰ বিৰোধিতাৰে চিৰাং জিলাৰ বিজনীৰ উলুবাৰী আঞ্চলিক অবড়ো সুৰক্ষা সমিতিৰ উদ্যোগত বিষ্ণুপুৰ আঞ্চলিকৰ সহযোগত সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। সংগঠনটোৰ উলুবাৰী আঞ্চলিক কমিটিয়ে উলুবাৰী বজাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহন কৰি উত্তাল কৰি তুলিলে উলুবাৰীৰ ৰাজপথ। সংগঠনটোৰ নেতা, কৰ্মী সমৰ্থকে বিটিআৰ চুক্তি পুনৰীক্ষণ, অবড়ো গাওঁ কৰ্তন, আয়োগ কমিটিত সাংসদ নৱ কুমাৰ শৰণীয়াক অন্তৰ্ভুক্ত আৰু বিটিচি নিৰ্বাচন শীঘ্ৰে অনুষ্ঠিত কৰা আদি দাবীত চৰকাৰ বিৰোধী বিভিন্ন শ্লোগান প্ৰদান কৰি উত্তাল কৰি তুলিলে পৰিৱেশ। ইফালে উক্ত কাৰ্যসূচীৰ পূৰ্বে অবড়ো সুৰক্ষা সমিতিৰ উদ্যোগত ২৮৩ নং শিলিখাগুৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গনত এখন প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে।

বিটিআৰ চুক্তিৰ বিৰোধিতাৰে চিৰাঙত উত্তাল প্ৰতিবাদ
শেহতীয়াকৈ বিটিআৰ চুক্তি ৰূপায়নক লৈ বিটিচিত আৰম্ভ হৈছে প্ৰতিবাদৰ । বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ‍্য চৰকাৰে বিটিচিৰ অবড়ো জনগোষ্টী সমুহক অন্ধকাৰত ৰাখি একপক্ষীয় ভাৱে তৃতীয়খন বড়ো চুক্তি বিটিআৰ কৰাৰ অভিযোগ । একেদৰে চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিয়ো এতিয়া পুনৰ একপক্ষীয় ভাৱে চুক্তি ৰূপায়নৰ বাবে আগবাঢ়িছে । সেয়ে অবড়ো সুৰক্ষা সমিতিৰ লগতে অন‍্যান‍্য অবড়ো জনগোষ্টীৰ জাতীয় বিভিন্ন সংগঠনেও জাঙুৰ খাই উঠিছে । চুক্তি ৰূপায়নৰ পুৰ্বে বিটিআৰ চুক্তি ভূমি নীতিকে আদি কৰি কেবাটাও দফা সংশোধনৰ দাবী উত্থাপন কৰিছে অবড়ো দল সংগঠনে । লগতে পঢ়ক: গিলগিট বাল্টিস্তানৰ নিৰ্বাচনক লৈ পাকিস্তানক সমালোচনা ভাৰতৰ

ABOUT THE AUTHOR

...view details