অসম

assam

ETV Bharat / briefs

চিৰাঙত নাঙলভাঙা নদীৰ তাণ্ডৱ

চিৰাং জিলাৰ নাঙলভাঙাত খহনীয়াৰ তাণ্ডৱ,নাঙলভাঙা নদীৰ খহনীয়াত জাহ গৈছে পথ, বৰ্তমান নদীখন বৈছে গাঁৱৰ ম‍্যাদী মাটিৰ ওপৰেৰে

By

Published : May 9, 2019, 6:05 PM IST

চিৰাঙত নাঙলভাঙা নদীৰ তাণ্ডৱ

চিৰাং,9মে' : চিৰাং জিলাৰ নাঙলভাঙাত গৰাখহনীয়াৰ তাণ্ডৱ। বাৰিষা অহাৰ লগে-লগে নাঙলভাঙা নদীয়ে অঞ্চলটোত খহনীয়া আৰম্ভ কৰিছে । বৰ্তমান নদীখন বৈ আছে গাঁৱৰ ম‍্যাদী মাটিৰ ওপৰেৰে। ইতিমধ্যেই অঞ্চলটোৰ একমাত্ৰ যাতায়তৰ বাবে থকা পথটোৰ একাংশ জাহ গৈছে নাঙলভাঙা নদীৰ বুকুত। যাৰ বাবে এতিয়া অঞ্চলবাসী চিন্তিত হৈ পৰিছে। ইফালে,পথটোৰ ওপৰত থকা একমাত্ৰ বাঁহৰ দলংখনো নদীত জাহ যোৱা অৱস্থাত। প্ৰতি বছৰ নিৰ্বাচনৰ সময়ত গৰাখহনীয়া ৰোধৰ বাবে ৰাজনৈতিক নেতাৰ অঞ্চলবাসীলৈ আশ্বাস আহে যদিও বৰ্তমানেও ইয়াৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। চৰকাৰে খহনীয়া ৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰে অঞ্চলবাসী।

চিৰাঙত নাঙলভাঙা নদীৰ তাণ্ডৱ

ABOUT THE AUTHOR

...view details