চিৰাং,১৭মে' : বৃহস্পতিবাৰে চিৰাং জিলা সমিতিৰ আছুৱে এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেলত বাসুগাঁও কাণ্ডৰ প্ৰতিক্ৰীয়া প্ৰকাশ কৰে আছুৱে ।
চিৰাং জিলা আছুৰ সংবাদমেলঃ ৰাজ্যজুৰি গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ - শ্বহিদ বেদী
সদৌ অসম ছাত্ৰ সন্থাৰ চিৰাং জিলা সমিতিয়ে এখন সংবাদমেল সম্বোধন কৰি বাসুগাঁও কাণ্ডৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে , অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰি শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় চিৰাং জিলা আছুয়ে
উল্লেখ্য যে, ১২ মে'ৰ নিশা দুৰ্বৃত্তই বাসুগাঁও আঞ্চলিক সমিতিৰ আছুৰ কাৰ্য্যালয়ত থকা শ্বহিদ বেদীৰ নাম ফলকত কলা ৰং সানিছিল । যাৰ পৰিপেক্ষিতত দোষীক কৰায়ত্ব কৰিবলৈ আছুৱে প্ৰশাসনক সময় দিছিল ৪৮ ঘন্টা । কিন্তু আৰক্ষীয়ে তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰি থানাত পৰাই বিশেষ সোধপোচ নকৰাকৈ মোকলাই দিয়ে । যাৰ বাবে ক্ষোভিত হৈ পৰে আছু আৰু বৃহস্পতিবাৰে চিৰাং জিলা সমিতি আছুৰ সভাপতি ৰূপম কুমাৰ দাস আৰু সাধাৰন সম্পাদক দিপক কুমাৰ দাসে সংবাদমেলযোগে নিজ প্ৰতিক্ৰীয়া প্ৰকাশ কৰে । ইফালে এই তিনিওজন যুৱকে অসমীয়া আৰু আছু সন্দৰ্ভত ফেচবুক যোগে অশালিন মন্তব্য কৰাৰ লগতে বিশেষ এজন ৰাজনৈতিক নেতাৰ হেচাতেই যুৱককেইজনক আৰক্ষীয়ে এৰি দিয়ে বুলি মন্তব্য কৰে চিৰাং জিলা আছুয়ে । সংবাদমেলত আছুৱে অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰি শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় । অন্যথা ৰাজ্যত তীব্ৰ গণতান্ত্ৰীক আন্দোলনৰ সৃষ্টি হোৱাৰ হুংকাৰ দিয়ে চিৰাং জিলা আছুয়ে ।