অসম

assam

ETV Bharat / briefs

পৃথিৱীৰ পৰা ১০০ মিলিয়ন কিলোমিটাৰ দূৰৈত অৱস্থান চীনৰ মংগল যান - মহাকাশ যান

সোমবাৰে পুৱা ৯ বজা পৰ্যন্ত মংগল গ্ৰহৰ কাষলৈ গতি কৰিছে ১৪৪ দিনীয়া যাত্ৰা লৈ মংগল গ্ৰহলৈ যোৱা চীনৰ মহাকাশ যানে । এতিয়ালৈকে প্ৰায় ৩৬০ মিলিয়ন কিলোমিটাৰৰো অধিক দূৰত্ব অতিক্ৰম কৰিছে যানখনে । বৰ্তমান পৃথিৱীৰ পৰা ১০০ মিলিয়ন কিমি দূৰত্ব অতিক্ৰম কৰি মংগল গ্ৰহৰ পৰা বৰ্তমান ১২ মিলিয়ন কিলোমিটাৰ দূৰত্বত অৱস্থান গ্ৰহণ কৰিছে যানখনে ।

China's Mars probe over 100mn km away from Earth
China's Mars probe over 100mn km away from Earth

By

Published : Dec 15, 2020, 5:26 PM IST

বেইজিং,১৫ ডিচেম্বৰঃ মঙলবাৰে চীনৰ মহাকাশ সংস্থাই কৰা এক ঘোষণা অনুসৰি তেওঁলোকে মংগল গ্ৰহলৈ প্ৰেৰণ কৰা চীনত নিৰ্মিত মহাকাশ যান টিয়ানৱেন-১ খন বৰ্তমান পৃথিৱীৰ পৰা ১০০ কোটি কিলোমিটাৰ দূৰত্বত অৱস্থান গ্ৰহণ কৰি স্বাভাৱিকভাৱে কাম কাজ কৰি আছে ।

চীনৰ দ্বাৰা প্ৰেৰিত এই মহাকাশ যান খন মংগল গ্ৰহৰ কাষ পোৱাৰ লগে লগে পৃথিৱীৰ পৰা ই ১৯০ মিলিয়ন দূৰত্বত অৱস্থান গ্ৰহণ কৰিব । ২৩ জুলাইত চীনৰ মহাকাশ কেন্দ্ৰৰ পৰা প্ৰেৰণ কৰা মংগল অভিযানৰ বাবে পঠোৱা মহাকাশ যানখনে ইতিমধ্যে মহাকাশৰ পৰা পৃথিৱী আৰু চন্দ্ৰ ফটো সংগ্ৰহ কৰাৰ লগতে চেলফিও তুলিবলৈ সক্ষম হৈছে ।

এই মহাকাশ যান খনে তিনিটাকৈ কক্ষপথ সলনি কৰি একাধিকবাৰ সংশোধনৰ জৰীয়তে দীৰ্ঘ দূৰত্ব অতিক্ৰমি মহাকাশৰ অভ্যন্তৰত প্ৰৱেশ কৰিছে । যানখনে কেবাটাও কক্ষ পথ সংশোধন কৰিব আৰু চীনৰ মহাকাশ সংস্থাৰ মতে ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত মংগল গ্ৰহৰ কক্ষপথত গৈ উপস্থিত হোৱাৰ সম্ভাৱনা আছে ।

লগতে চাওকঃ বিটিচি পৰিষদৰ মুখ্য কাৰ্যবাহী হিচাপে শপত গ্ৰহণ প্ৰমোদ বড়োৰ

ABOUT THE AUTHOR

...view details