নেশ্যনেল ডেস্ক, ২২ জুন : শেহতীয়া কোভিড-১৯ৰ প্ৰকোপৰ বাবে সমগ্ৰ বিশ্বই চীনক জগৰীয়া কৰাৰ সময়তে বেইজিঙে বিধ্বংসী পৰিস্থিতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰীতে তাৰ সীমান্তৰ আশে-পাশে আক্ৰমণাত্মক পৰক্ষেপ গ্ৰহণ কৰিছে । উদাহৰণস্বৰূপে, ভাৰতৰ সৈতে সীমা বিবাদৰ দৰে আক্ৰমণক আমন্ত্ৰণ দিছে চীনে ।
বাস্তৱিকতে, চীনৰ এই সংঘৰ্ষ কেৱল ভাৰতৰ সৈতে সীমিত নহয়, অন্য কিছুসংখ্যক দেশৰ সৈতেও চীনৰ সীমা বিবাদ চলি আছে । থাইলেণ্ড, লাওচ, কম্বোডিয়া আৰু ভিয়েটনাম আদি দেশসমূহৰ সৈতে চীনৰ মতানক্য চলি আছে । এই দেশসমূহত পানী প্ৰবাহত চীনে বাধা প্ৰদান কৰা পৰিলক্ষিত হৈছে । ইয়াৰোপৰি, চীনে জাপানৰ নিৰ্জন দ্বীপ চেনকাকুত প্ৰৱেশ কৰি এই দ্বীপটো চীন গণৰাজ্যৰ অন্তৰ্গত বুলি দাবী উত্থাপন কৰে ।
১৯৯০ চনৰ পিছত চলিত বৰ্ষত চীনৰ আৰ্থিক স্থিতি বেয়াৰ ফালে ঢাল খোৱা পৰিলক্ষিত হৈছে । এই বৰ্ষত চীনৰ আৰ্থিক স্থিতি ৬.৮ শতাংশলৈ হ্ৰাস পাইছে । শেহতীয়া কৰ'ণা মহামাৰীৰ বাবে চীনৰ সামগ্ৰীসমূহৰ ৰপ্তানি বন্ধ, আমেৰিকাৰ সৈতে ব্যৱসায়িক যুদ্ধ আদি বিভিন্ন কাৰণে চীনৰ অৰ্থনীতিত বেয়াকৈ প্ৰভাৱ পেলাইছে । সেইবাবে চীনা চৰকাৰে চলিত বৰ্ষৰ বিকাশৰ লক্ষ্য নিৰ্ধাৰণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । চীনা প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা মতে, ৬০ বিলিয়ন লোকে দৰিদ্ৰতাত ভুগিবলগীয়া হৈছে আৰু প্ৰতিমাহে ১৪০ ডলাৰহে অৰ্জন কৰে ।