অসম

assam

ETV Bharat / briefs

চীনৰ বিৰুদ্ধে সন্ত্ৰাসবাদী সংগঠনক অস্ত্ৰ-সস্ত্ৰ যোগান ধৰাৰ অভিযোগ ম্যানমাৰৰ - চীন

২০১৯ বৰ্ষৰ নৱেম্বৰ মাহত ম্যানমাৰ সেনাই নিষিদ্ধ ঘোষিত নেশ্বনেল লিবাৰেশ্বন আৰ্মীৰ পৰা এয়াৰ মিছাইল, অস্ত্ৰ-সস্ত্ৰ আদি জব্দ কৰিবলৈ সক্ষম হৈছিল । ম্যানমাৰ সেনাই জব্দকৃত এই অস্ত্ৰ-সস্ত্ৰসমূহ চীনত নিৰ্মিত বুলি সন্দেহ প্ৰকাশ কৰিছে।

চীন
China supplying weapons to Arakan Army armed group to weaken India, Myanmar: Report

By

Published : Jul 2, 2020, 9:47 PM IST

নিউজ ডেস্ক, ২ জুলাইঃ চীনৰ নিকতৱৰ্তী ম্যানমাৰে সন্ত্ৰাসবাদী তথা বিদ্ৰোহী সংগঠনসমূহক অস্ত্ৰ-সস্ত্ৰ যোগান ধৰাৰ অভিযোগ উত্থাপন কৰিছে । ইয়াৰ লগতে, ম্যানমাৰে এই সন্ত্ৰাসবাদৰ পৰা ৰক্ষা পাবলৈ আন আন ৰাষ্ট্ৰসমূহৰ সহযোগিতা বিচাৰিছে ।

এটা টেলিভিছন সাক্ষাৎকাৰত ম্যানমাৰৰ চিনিয়ৰ জেনেৰেল মিন আংগ হ্লাইংগে প্ৰকাশ কৰা অনুসৰি, "ম্যানমাৰৰ সক্ৰিয় সন্ত্ৰাসবাদী সংগঠনসমূহ অধিক শক্তিশালী হোৱাৰ বাবে অন্য দেশৰ পৰা সহায় লাভ কৰিছে । সেয়ে আমি সন্ত্ৰাসবাদক নিশেষ কৰিবৰ বাব অন্য ৰাষ্ট্ৰসমূহৰ সহায় বিচাৰিছো।"

ম্যানমাৰৰ সেনা প্ৰধান ব্ৰিগেডিয়াৰ জেনেৰেল জাং মিন টুনে ম্যানমাৰৰ সহস্ত্ৰ বাহিনীৰ মুখ্য কামাণ্ডাৰৰ মন্তব্যক বৃস্তিতভাৱে প্ৰকাশ কৰিছে । আৰাকান আৰ্মী ( Arakan Army) আৰু আৰাকান ৰোহিংগা চালবেশ্বন আৰ্মী (Arakan Rohingya Salvation Army) এই দুটা সন্ত্ৰাসবাদী সংগঠন সম্প্ৰতি পশ্চিম ম্যানমাৰত সক্ৰিয় অৱস্থাত আছে বুলি সহস্ত্ৰ বাহিনীৰ মুখ্য কামাণ্ডাৰগৰাকীয়ে উল্লেখ কৰিছিল ।

আৰাকান আৰ্মী সন্ত্ৰাসবাদী সংগঠনে বিদেশীৰ পৰা সহায় লাভ কৰে বুলি ব্ৰিগেডিয়াৰ জেনেৰেল জাং মিন টুনে প্ৰকাশ কৰে । ২০১৯ বৰ্ষত সেনাৰ ওপৰত হোৱা আক্ৰমনত ব্যৱহাৰ কৰা চীনত নিৰ্মিত অস্ত্ৰ-সস্ত্ৰ সন্দৰ্ভত তেখেতে এই কথা উল্লেখ কৰে।

উল্লেখ্য যে, ২০১৯ বৰ্ষৰ নৱেম্বৰ মাহত ম্যানমাৰ সেনাই নিষিদ্ধ ঘোষিত নেশ্বনেল লিবাৰেশ্বন আৰ্মীৰ পৰা এয়াৰ মিছাইল, অস্ত্ৰ-সস্ত্ৰ আদি জব্দ কৰিবলৈ সক্ষম হৈছিল । জব্দকৃত এয়াৰ মিছাইল সমূহৰ মূল্য প্ৰায় ৭০ হাজাৰৰ পৰা ৯০ হাজাৰ আমেৰিকান ডলাৰ হ'ব বুলি জানিব পৰা গৈছে । ম্যানমাৰ সেনাই জব্দকৃত এই অস্ত্ৰ-সস্ত্ৰসমূহ চীনত নিৰ্মিত বুলি সন্দেহ প্ৰকাশ কৰিছে । কিন্তু চীনে ৰুচৰ সম্মুখত আনুষ্ঠানিকভাৱে ম্য়ানমাৰৰ সন্ত্ৰাসবাদী সংগঠনক অস্ত্ৰ-সস্ত্ৰ যোগান ধৰাৰ কথা অস্বীকাৰ কৰিছে ।

ABOUT THE AUTHOR

...view details