বটদ্ৰৱাৰ,25 জুন: শান্তিজান বজাৰ অঞ্চলটোত দীৰ্ঘদিন ধৰি একাংশ অসাধু ব্যৱসায়ীয়ে শিশুক নিয়োজিত কৰিছিল কামত ৷ আৰু সেই শিশু কেইজনে শ্ৰমিক হিচাপে কাম কৰি থকা অৱস্থাতে মঙলবাৰে নগাঁও চাইল্ড লাইনৰ শ্ৰম বিষয়া ছয়নিকা গোস্বামী আৰু ধিং চক্ৰ বিষয়া স্নেহা ভৰালীৰ নেতৃত্বত চলোৱা এই অভিযানত বটদ্ৰৱা আৰক্ষী আৰু স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ কৰে সাতটিকৈ শিশু ৷
বটদ্ৰৱাৰ শান্তিজান বজাৰত উদ্ধাৰ শিশু শ্ৰমিক - ETV BHARAT
বটদ্ৰৱাৰ শান্তিজান বজাৰত চাইল্ড লাইনৰ অভিযান ৷ অভিযানত উদ্ধাৰ হয় সাত টিকৈ শিশু শ্ৰমিক
স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বিগত বহু দিন ধৰি শিশু শ্ৰমিক নিয়োগ কৰাৰ কথা চাইল্ড লাইনক অৱগত কৰি আহিছিল অঞ্চলটোৰ ৰাইজে ৷ আৰু সেয়েহে আজি হঠাৎ চাইল্ড লাইন আৰু বটদ্ৰৱা আৰক্ষী শান্তিজান বজাৰত উপস্থিত হয় আৰু অভিযান চলাই উদ্ধাৰ কৰে সাতটিকৈ শিশু শ্ৰমিক ৷ ইতিমধ্যে এই শিশু কেইজনক শ্ৰমিক হিচাপে নিয়োজিত কৰা অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে চাইল্ড লাইনে এজাহাৰ দাখিল কৰিছে ৷ উল্লেখ্য যে বটদ্ৰৱাৰ সমীপৱৰ্তী বিভিন্ন অঞ্চলৰ বজাৰ,হোটেলকে ধৰি ব্যৱসায় প্ৰতিষ্ঠানত এতিয়াও নিয়োজিত হৈ আছে শিশু শ্ৰমিক ৷