মৰাণ,18 মাৰ্চ:বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কৰ্মবিৰতি পালন কৰাৰ লগতে ভোট বৰ্জন কৰাৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ চৰাইদেউ জিলা সমিতিয়ে ৷ চৰাইদেউ জিলাৰ সোণাৰিত এক প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰৰ বিৰুদ্ধে অসন্তুষ্টি ব্যক্ত কৰি গৃহৰক্ষী জোৱানসকলে ভোট বৰ্জনৰ হুংকাৰ দিয়ে ৷
চৰকাৰৰ আলোচনাৰ জৰিয়তে জোৱানসকলৰ সমস্যাসমূহ সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে আহ্বান জনাই সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ চৰাইদেউ জিলা সমিতিয়ে তেওঁলোকে নিৰ্বাচনত ভোট বৰ্জন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে ৷