অসম

assam

ETV Bharat / briefs

অসম-অৰুণাচল সীমান্তৱৰ্তী আদৰ্শগাঁও ৰূপে খ্যাত চপালগা গাঁওৰ শতবাৰ্ষিকী উদযাপন - শতবাৰ্ষিকী অনুষ্ঠান

শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী আদৰ্শ গাঁওৰূপে খ্যাত চপালগা গাঁৱত উদযাপন কৰা হয় শতবাৰ্ষিকী অনুষ্ঠান ৷

অসম-অৰুণাচল সীমান্তবৰ্তী আদৰ্শগাওঁ ৰূপে খ্যাত চপালগা গাওঁৰ শতবাৰ্ষিকী উদযাপন

By

Published : May 14, 2019, 12:01 PM IST

শোণিতপুৰ,14 মে': শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী আদৰ্শ গাঁওৰূপে খ্যাত চপালগা গাঁৱত উদযাপন কৰা হয় শতবাৰ্ষিকী অনুষ্ঠান ৷ তিনিদিনীয়াকৈ উদযাপন কৰা গাঁওখনৰ শতবাৰ্ষিকী অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৱাৰে পৰা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ ইয়াৰ লগতে কোঁচ নৃত্য,বড়ো নৃত্য,বিহুনৃত্য,গোপী নৃত্য,কৃষ্ণ নৃত্য,সত্ৰীয়া নৃত্য আদিকে ধৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ নৃত্যগীতেৰে মুখৰিত হয় চপালগা গাঁওৰ পৰিৱেশ ৷

অসম-অৰুণাচল সীমান্তবৰ্তী আদৰ্শগাওঁ ৰূপে খ্যাত চপালগা গাওঁৰ শতবাৰ্ষিকী উদযাপন

উল্লেখ্য যে ৫০১ গৰাকী জনসংখ্যাৰ চপালগা গাঁওখন বৃটিছৰ আমোলতে গঢ় লৈ উঠা এখন বনগাঁও ৷ উক্ত শতবাৰ্ষিকী অনুষ্ঠানত উপস্থিত থাকে শোণিতপুৰ জিলা উপায়ুক্ত নৰসিং পাৱাৰ,চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তি ৷

ব্ৰিটিছে গঢ়া গাঁওখন আজি শতবৰ্ষত পদাপৰ্ণ কৰাত অঞ্চলটোৰ ৰাইজ উৎফুল্লিত হৈ পৰে ৷ বিভিন্ন কাৰ্যসূচী আৰু সাংস্কৃতিক অনুষ্ঠানৰে গাঁওবাসী ৰাইজে উলহ-মালহেৰে তিনিদিনীয়াকৈ উদযাপন কৰে গাওঁখনৰ শতবাৰ্ষিকী অনুষ্ঠান ৷

ABOUT THE AUTHOR

...view details