নতুন দিল্লী,২ চেপ্তেম্বৰঃএটা অত্যন্ত দুৰ্গম অঞ্চল, প্ৰতিকূল পৰিৱেশ, প্ৰতিমূহুৰ্ততে অঞ্চলটোত হিমস্খলনৰ ঘটনা সংঘটিত হৈ থাকে । অঞ্চলটোত পহৰা দিবলৈ ভাৰতীয় সেনাৰ জোৱান সকলে কঠোৰ পৰিশ্ৰম কৰিবলগা হয় । ভাৰত চীনৰ প্ৰায় ৬২৬ কিল'মিটাৰ সীমান্ত স্পৰ্শ কৰি থকা এই সীমান্ত অঞ্চলটোত পহৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হয় ভাৰতীয় সৈন্য । তাৰ মাজতে ভাৰতীয় সৈন্য আৰু চীনা সৈন্যৰ সংঘাতৰ পিচতে নতুন মাত্ৰা লাভ কৰিছে সীমান্তৰ নিৰাপত্তাৰ ক্ষেত্ৰত । সেয়ে ভাৰত চীন সীমান্তৰ এই প্ৰত্যন্ত অঞ্চলসমূহত শত্ৰু পক্ষৰ চাল চলন যাতে ২৪ ঘন্টাই নিৰীক্ষণ কৰিব পাৰে তাৰ বাবে ভাৰতে আৰম্ভ কৰিছে কেমেৰাৰ যুদ্ধ । বন্দুকেৰে নহয় কেমেৰাৰে প্ৰতিমূহুৰ্ততে ভাৰত-চীন সীমান্তত নিৰীক্ষণ কৰিব সেনাবাহিনীয়ে । কেমেৰাৰে চীনা সৈন্যৰ গতিবিধি নিৰীক্ষণত ৰাখিব ভাৰতীয় সেনাই ।
২৯-৩০ আগষ্টৰ মাজনিশা ভাৰত চীন সীমান্তত হেলমেট আৰু ব্লেক টেপ নামৰ সৰ্বোচ্চ উচ্চতাত থকা ঠাইখিনি চীনা সৈন্যৰ আগ্ৰাসনৰ পৰা ৰক্ষা কৰিছিল ভাৰতীয় অত্যাধুনিক ফ্ৰন্টিয়াৰ ফৰ্চে । যত ভাৰতীয় সৈন্যৰ গতিবিধি নিৰীক্ষণ কৰিবৰ বাবে চীনা সৈন্যই স্থাপন কৰিছিল কেবাটাও উচ্চ প্ৰযুক্তি সমৃদ্ধ কেমেৰা । ভাৰতৰ ফ্ৰন্টিয়াৰ ফৰ্চে সেই চীনা সৈন্য স্থাপন কৰা কেমেৰা সমূহ নষ্ট কৰি পেলায় ।
ভাৰত চীন সীমান্তৰ উক্ত ভূ-খণ্ডৰ সৈতে পৰিচিত এগৰাকী প্ৰাক্তন সেনা বিষয়াৰ মতামত অনুসৰি এই সুউচ্চ স্থান সমূহত সুক্ষ্ম পর্যবেক্ষণৰ বাবে কেন্দ্ৰ স্থাপন কৰিলে বিশাল অঞ্চলটোৰ নিৰাপত্তাৰ দিশটো নিৰীক্ষণৰ ক্ষেত্ৰত সহায়ক হোৱাৰ লগতে যথেষ্ট গুৰুত্ব পূৰ্ণ হিচাপে বিবেচিত হব নিৰীক্ষণ কেন্দ্ৰ সমূহ । এই বিষয়ে তেখেতে কৌশলগত কাৰণ সমূহ বিশ্লেষণ কৰি ইটিভি ভাৰতক কয় যে, আমি যদি চাও স্পানগুৰ গেপৰ মুখামুখি হৈ হেলমেট আৰু ব্লেক টেপ, পাংগিং হ্ৰদৰ দক্ষিণ দিশে পাৰত উছু পইন্ট অৱস্থিত । তাৰ ঠিক সোঁফালে ৰেজাং লাআৰু ৰিনছন লা যি, ঠাইৰ পৰা কৈলশ ৰেঞ্জ আৰম্ভ হৈছে ।