মেল'বৰ্ণ, ২১ ডিচেম্বৰ :ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ২৬ ডিচেম্বৰত বক্সিং দিৱসত অনুষ্ঠিত হ'বলগীয়া টেষ্ট ক্ৰিকেট খেলৰ মেন অৱ দ্য মেচক জনি মুলাগ মেডিল বঁঁটা প্ৰদান কৰা হ'ব । জনি মুলাগ অষ্ট্ৰেলিয়াৰ আন্তৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ প্ৰথম অধিনায়ক আছিল । তেওঁৰ নেতৃত্বত দলটোৱে ১৮৬৮ চনত ব্ৰিটেইন ভ্ৰমণ কৰিছিল । অষ্ট্ৰেলিয়া ক্ৰিকেট এছ'চিয়েচনে টুইটাৰত প্ৰকাশ কৰে এই কথা ।
বক্সিং দিৱসত অনুষ্ঠিত টেষ্টত মেন অৱ দ্য মেচক প্ৰদান কৰা হ'ব মুলাগ মেডিল বঁঁটা - আন্তৰাষ্ট্ৰীয় ক্ৰিকেট
মুলাগৰ প্ৰকৃত নাম আছিল উনাৰিমিন আৰু এজন দক্ষতাবান অলৰাউণ্ডাৰ আছিল । ১৮৬৮ চনত তেওঁৰ নেতৃত্বত অষ্ট্ৰেলিয়া ক্ৰিকেট দলটোৱে ব্ৰিটেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল ।
CA to honour indigenous pioneer during Boxing Day Test
মুলাগৰ প্ৰকৃত নাম আছিল উনাৰিমিন আৰু এজন দক্ষতাবান অলৰাউণ্ডাৰ আছিল । ১৮৬৮ চনত তেওঁৰ নেতৃত্বত অষ্ট্ৰেলিয়া ক্ৰিকেট দলটোৱে ব্ৰিটেইনৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছিল । মুলাগে ৪৭ খন খেলৰ ভিতৰত ৪৫ খন খেল খেলিছিল আৰু ১,৬৯৮ ৰান সংগ্ৰহ কৰিছিল । তেওঁ মুঠ ১,৮৭৭ অভাৰ বলিঙো কৰিছিল আৰু ২৪৫ টা উইকেট সংগ্ৰহ কৰিছিল । ইয়াৰে ৮৩১ অভাৰ মেডন আছিল । মুলাগে উইকেটৰক্ষকৰ ভূমিকাত পালন কৰিছিল আৰু চাৰিটা ষ্টাম্পিং কৰিছিল ।