ব্ৰাজিল, ১২ জুন :আৰক্ষীৰ বৰ্বৰতা আৰু বৰ্ণ বৈষম্যতাক বিৰুদ্ধে ব্ৰাজিলৰ নিতেৰই চহৰত বৃহস্পতিবাৰে হাজাৰ হাজাৰ লোকে সাব্যস্ত কৰে প্ৰতিবাদ । ব্ৰাজিলত চলি অহা বৰ্ণ বৈষম্যতাক অন্ত পেলাই সম অধিকাৰ প্ৰতিস্থাৰ লগতে ৰাষ্ট্ৰপতি জায়েৰ বলচোনাৰোৰ বৈষম্যতাবাদ নীতিৰ বিৰুদ্ধে শ্ল'গান দি প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তোলে চহৰখন ।
প্ৰতিবাদত আৰক্ষীৰ বৰ্বৰতা আৰু বৰ্ণ বৈষম্যতাৰ ফলত কৰুণ মৃত্যু সাৱতি লোৱা কেইজনমান কৃষ্ণাঙ্গ যুৱকৰ মাতৃয়েও অংশ লৈ আৰক্ষী তথা প্ৰশাসনৰ ভূমিকাক ধিকাৰ দিয়ে ।