অসম

assam

By

Published : Jul 6, 2020, 2:10 PM IST

ETV Bharat / briefs

ব্ৰাজিলত কোভিড ৰোগীৰ সংখ্যা ১.৬ মিলিয়ন অতিক্ৰম

বিগত এটা সপ্তাহত কৰ'ণা মহামাৰীৰ ফলত ব্ৰাজিলত কোভিড-১৯ত আক্ৰান্ত হৈ প্ৰায় ৭০০০ গৰাকী লোকৰ মৃত্যু হৈছে।

ব্ৰাজিল
Brazil now has over 1.6 million confirmed COVID-19 cases

নিউজ ডেস্ক, ৬ জুলাইঃ ব্ৰাজিলত বিগত ২৪ ঘণ্টাত কোভিড-১৯ত আক্ৰান্ত হৈছে ২৬,০৫১ গৰাকী লোক। দেশখনৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি বৰ্তমান ১.৬ মিলিয়ন অতিক্ৰম কৰিছে এই মহামাৰীত আক্ৰান্ত লোকৰ সংখ্যা।

ৰাষ্ট্ৰখনত এইপৰ্যন্ত মুঠ ১৬,০৩,০৫৫ গৰাকী লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯ৰ উপস্থিতি। আনহাতে, বিগত এদিনত ৬০২ গৰাকী লোকৰ মৃ্ত্যু হৈছে। দেশখনৰ স্বাস্থ্য মন্ত্ৰণালয়ে শেহতীয়াকৈ প্ৰকাশ কৰা তথ্য অনুসৰি সম্প্ৰতি ব্ৰাজিলত কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৬৪,৮৬৭ গৰাকীলৈ বৃদ্ধি পাইছে।

উল্লেখ্য যে, শনিবাৰৰ দিনটোত দেশখনত নতুনকৈ ৩৮,০০০ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যুমুখত পৰিছে ১০০০ গৰাকীৰ অধিক লোক। বিগত এটা সপ্তাহত এই মহামাৰীৰ ফলত ব্ৰাজিলত প্ৰায় ৭০০০ গৰাকী লোকৰ মৃত্যু হৈছে। আনহাতে এইপৰ্যন্ত মুঠ ৯,০৬,২০০ গৰাকী লোকে আৰোগ্য লাভ কৰিছে।

বিশ্বজুৰি কোভিড-১৯ত আক্ৰান্ত দেশ তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ভিতৰত দ্বিতীয় স্থানত আছে ব্ৰাজিল। একেদৰে কৰ'ণা মহামাৰীত মৃত্যু হোৱা ৰোগীৰ তালিকাত আমেৰিকা প্ৰথম স্থানত আৰু ব্ৰাজিল দ্বিতীয় স্থানত আছে। বৰ্তমানলৈকে আমেৰিকাত মুঠ ১,৩২,৫০০ গৰাকী ৰোগীৰ মৃত্যু হৈছে।

লগতে চাওকঃ ভাৰতৰ তিনি প্ৰতিষ্ঠিত ছবি পৰিচালকৰ সৈতে একেলগে কাম কৰিব ৰীমা দাসে

ABOUT THE AUTHOR

...view details