অসম

assam

By

Published : May 18, 2019, 5:01 PM IST

ETV Bharat / briefs

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পালন বুদ্ধ পূৰ্ণিমা

ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰত থকা ৰঙাপৰাৰ লুম্বিনী বৌদ্ধ বিহাৰৰ সমান্তৰালকৈ আমিনগাঁৱৰ জয়গুৰুৰ বৌদ্ধ মঠতো পালন কৰা হয় বুদ্ধ পূৰ্ণিমা, পুৱাৰে পৰা বুদ্ধ মন্দিৰে মন্দিৰে ভিৰ কৰে অগণন ভক্তই

ৰঙাপৰাত পালন বুদ্ধ পূৰ্ণিমা

ৰঙাপৰা,১৮মে' : আজি পৱিত্ৰ বুদ্ধ পূৰ্ণিমা। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰত থকা ঐতিহাসিক তথা ১৯৪৯ চনত হোৱা ৰঙাপৰাৰ লুম্বিনী বৌদ্ধ বিহাৰতো পালন কৰা হয় বুদ্ধ পূৰ্ণিমা। এই বুদ্ধ পূৰ্ণিমা উপলক্ষে লুম্বিনী বৌদ্ধ বিহাৰত পুৱাৰে পৰা 'বুদ্ধং শৰণং গচ্ছামি' উচ্চাৰণৰে অঞ্চলটো মুখৰিত হৈ পৰে । লুম্বিনী বৌদ্ধ বিহাৰত ধৰ্মাৱলম্বী লোকসকলে উপস্থিত হৈ ধূপ, চাকি, জ্বলায় সকলোৱে একত্ৰিত হৈ ভগৱান বুদ্ধৰ আশীষ লয়।

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পালন বুদ্ধ পূৰ্ণিমা

আনহাতে,বুদ্ধ পূৰ্ণিমা উপলক্ষে কামৰূপ জিলাৰ আমিনগাঁৱৰ জয়গুৰুৰ বৌদ্ধ মঠতো উলহ-মালহেৰে আয়োজন কৰা হয় বৌদ্ধ পূৰ্ণিমাৰ বৰ্ণাঢ্য কাৰ্যসূচী। বৌদ্ধ ধৰ্মৰ ধাৰ্মিক ৰীতি-নীতিৰে পুৱাৰে পৰা পূজা অৰ্চনা কৰা হয় বৌদ্ধ মঠত। এই বুদ্ধ পূৰ্ণিমা উপলক্ষে শংখ ঘন্টাৰ মাংগলিক ধ্বনিৰে এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰি তোলা হয় মন্দিৰ চৌহদ। মন্দিৰ সমিতিৰ মত অনুসৰি বিগত ৩০ বছৰ ধৰি বৌদ্ধ মঠত পালন কৰি অহা হৈছে এই বুদ্ধ পূৰ্ণিমা।

অন্য খবৰৰ বাবে : যোৰহাটত পবিত্ৰ বুদ্ধ পূৰ্ণিমা উদযাপন

ABOUT THE AUTHOR

...view details