অসম

assam

ETV Bharat / briefs

বুক মাই শ্বো আৰু ডুবাইৰ কোকা-কোলা এৰেনাৰ মাজত চুক্তি

সোমবাৰে বুক মাই শ্বোৰ ফালৰ পৰা এই কথা প্ৰকাশ কৰা হয় ৷ ইয়াৰ জৰিয়তে ডুবাইৰ কোকা-কোলা এৰেনাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানৰ সুবিধা প্ৰদান কৰা হ'ব বুলি জনাইছে কোম্পানীটোৱে ৷ ভাৰতবৰ্ষৰ মুখ্য কাৰ্যালয় থকা বুক মাই শ্বোৱে ইয়াৰ জৰিয়তে মধ্য-পূবৰ দেশসমূহত প্ৰৱেশ কৰাৰ বাবে প্ৰথম প্ৰচেষ্টা গ্ৰহণ কৰিছে ৷

By

Published : May 7, 2019, 9:50 AM IST

বিশ্বৰ আগস্থানত বুক মাই শ্ব

নিউজ ডেস্ক,৭মে' : অনলাইন টিকেট সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠান বুক মাই শ্বো আৰু ডুবাইৰ কোকা-কোলা এৰেনাৰ মাজত এক পাঁচ বছৰীয়া চুক্তি স্বাক্ষৰিত হৈছে ৷ সোমবাৰে বুক মাই শ্বোৰ ফালৰ পৰা এই কথা প্ৰকাশ কৰা হয় ৷ ইয়াৰ জৰিয়তে ডুবাইৰ কোকা-কোলা এৰেনাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানৰ সুবিধা প্ৰদান কৰা হ'ব বুলি জনাইছে কোম্পানীটোৱে ৷ ভাৰতবৰ্ষৰ মুখ্য কাৰ্যালয় থকা বুক মাই শ্বোৱে ইয়াৰ জৰিয়তে মধ্য-পূবৰ দেশসমূহত প্ৰৱেশ কৰাৰ বাবে প্ৰথম প্ৰচেষ্টা গ্ৰহণ কৰিছে ৷ কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া আশিষ হেমৰাজানীৰ মতে দুয়োটা কোম্পানীৰ মাজত হোৱা বুজাবুজিৰ ফলত আৰৱীয় দেশখনৰ লোকসকলে বিশ্ব তথা ভাৰতবৰ্ষৰ মনোৰঞ্জনৰ অনুষ্ঠানসমূহ উপভোগ কৰিব পাৰিব ৷ উল্লেখ্য যে ডুবাইস্থিত কোকা-কোলা এৰেনাত 17 হাজাৰ দৰ্শক বহিব পৰাৰ সুবিধা আছে ৷ এই চুক্তিৰ অংশস্বৰূপে 29 আগষ্টত আইৰিছ পোপ বেণ্ড ৱেষ্টলাইফৰ টুৱেন্টি ট্যুৰে অনুষ্ঠান পৰিৱেশন কৰিব ৷

ABOUT THE AUTHOR

...view details